NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ সমষ্টিত উত্তপ্ত পৰিস্থিতি, মুকলি হতাহতি কংগ্ৰেছ-বিজেপিৰ

Posted by: মিটু খাটনিয়াৰ February 1, 2019 8:06 pm
Majuli

নাগৰিকত্ব বিধেয়কসৃষ্ট উত্তপ্ত পৰিৱেশত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত শুকুৰবাৰে মুখামুখি হতাহতি লাগে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত।

গড়মূৰ সদৰ তিনিআলিত দিনৰ ১১-৩০ বজাত শাসকীয় গেৰুৱা দল আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে অৱশেষত গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ তৎপৰতাত আৰক্ষীৰ উপৰি অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।

ঘটনাৰ বিৱৰণী মতে তিনিচুকীয়াত বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ মৰাণক ৰাজপথতে গণপ্ৰহাৰ কৰা ঘটনাটোত জড়িত ব্যক্তিৰ শাস্তিৰ দাবী তুলি মাজুলী বিজেপিৰ কৰ্মীয়ে হাতে হাতে দলীয় পতাকা আৰু বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰা সময়তে জিলা কংগ্ৰেছৰো এটা দলে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা সাজি গড়মূৰ সদৰতেই দাহ কৰিবলৈ আহিছিল।

তেতিয়াই বিজেপি কৰ্মীসকলৰ লগতে আৰক্ষীয়ে কংগ্ৰেছীসকলক বাধা দিয়ে। বহুসময় দুই পক্ষৰ মাজত তর্ক চলি থকাৰ মাজতে হতাহতিৰ সৃষ্টি হয় আৰু শেষত পৰিস্থিতিৰ অধিক অৱনতি হয়।

অৱশেষত আৰক্ষীৰ হস্তক্ষেপৰ পিছত কংগ্ৰেছ কৰ্মীসকল সেই ঠাই পৰা আঁতৰি গৈ কিছু দূৰত মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে।