NORTHEAST NOW (Assamese)
অসম

আমি ‘তৃতীয় পক্ষ’ নহয়, ‘প্ৰথম পক্ষ’হে : ৰঞ্জিত দাসক প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 1, 2019 8:26 pm
Durgadas Boro

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত চলি থকা আন্দোলনৰ মাজতে নলবাৰী আৰু তিনিচুকীয়াত হিংসাত্মক কাৰ্য সংঘটিত হ’ল। এই ঘটনাৰ পাছতেই শাসকীয় বিজেপিৰ নেতাৰ মুখত উচ্চাৰিত হৈছে ইয়াৰ আঁৰত ‘তৃতীয় পক্ষ’ৰ হাত থকাৰ কথা।

নলবাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যৰ সৈতে হোৱা সংঘাতৰ পাছতেই বিজেপিয়ে সংবাদমেল পাতি ‘তৃতীয় পক্ষ’ হিচাপে এই ঘটনাৰ আঁৰত কংগ্ৰেছ থকা বুলি দাবী কৰিছিল।

কিন্তু বিজেপিৰ দাবীক নস্যাৎ কৰি ‘তৃতীয় পক্ষ’ৰ সলনি বিধেয়ক বিৰোধী আন্দোলনত নিজকে ‘প্ৰথম পক্ষ’ বুলিহে দাবী কৰিছে বিৰোধী কংগ্ৰেছে।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক দুৰ্গা দাস বড়োৱে কয়, ‘‘কংগ্ৰেছে কেতিয়াও তৃতীয় বা চতুৰ্থ পক্ষত নাথাকে। আমি এই আন্দোলনত অসমৰ ৰাইজ আৰু দল-সংগঠনৰ লগত থাকি সদনৰ ভিতৰে-বাহিৰে প্ৰতিবাদ কৰিছো। ইয়াত আমি সম্পূৰ্ণৰূপে ‘প্ৰথম পক্ষ’ ৰূপেই অৱতীৰ্ণ হৈছো’’।

দুৰ্গা দাস বড়োৱে লগতে আন্দোলনত সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাক গৰিহণা দি ইয়াৰ আঁৰত থকা ‘তৃতীয় পক্ষ’ হিচাপে আঙুলি টোঁৱাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈহে।

‘‘হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ দৰে উচটাই জোল খাব বিচৰা সকলেহে তৃতীয় পক্ষ’’, দুৰ্গা দাস বড়োৰ মত।

বড়োৰ মতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে আন্দোলনকাৰীসকলক সকীয়নি প্ৰদান কৰি প্ৰৰোচনামূলক মন্তব্য কৰিছে। আনহাতে হিমন্ত বিশ্ব শৰ্মায়ো হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টিকাৰী কথাৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা চলাই আছে।

তেওঁ লগতে বিজেপিৰ দুয়োজন নেতাৰ বিৰুদ্ধে আৰক্ষীক নিজাববীয়া গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকজনে তিনিচুকীয়াত বিজেপিৰ জিলা সভাপতি লক্ষেশ্বৰ মৰাণক আক্ৰমণ কৰা ঘটনাত কংগ্ৰেছী জড়িত বুলি বিজেপিয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয়, ‘‘এগৰাকী মণ্ডল কংগ্ৰেছৰ কৰ্মীৰ পুতেক তাত আছিল। কংগ্ৰেছী এজনৰ পুতেকে অন্য ৰাজনৈতিক দল বা ছাত্ৰ সন্থাৰ সদস্য হ’ব নোৱাৰে নেকি? মণ্ডল কংগ্ৰেছী এজনৰ পুতেক কেনেকৈ কংগ্ৰেছী হ’ব পাৰে’’।

আনহাতে, নলবাৰীৰ ঘগ্ৰাপাৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছকৰ্মী থকাৰ কথা বিজেপিয়ে ৰাজহুৱা কৰা সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে চলোৱা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ পূৰ্ণ সমৰ্থন আছে। গতিকে আন্দোলনটোৰ কাৰ্য্যসূচীত সহযোগ কৰিছে।