NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বাতিলৰ দাবীত দিল্লীত বিৰোধী দলৰ সাংসদক সাক্ষাৎ ৭০ সংগঠনৰ প্ৰতিনিধিৰ

Posted by: এন ই নাও নিউজ February 2, 2019 11:49 am
c880eba6-d768-477a-9a73-a2b85bbda465

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমত বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে আজি নতুন দিল্লীত বিধেয়কখন বাতিলৰ দাবী লৈ বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ তথা নেতাক সাক্ষাৎ কৰে বিধেক বিৰোধী আন্দোলন চলাই থকা ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আজি পুৱা ৮ বজাত বিধেয়ক বিৰোধী অসমৰ ৭০সংগঠনৰ প্ৰতিনিধিয়ে সমাজবাদী পাৰ্টিৰ ৰাজ্য সভাৰ সাংসদ ৰাম গোপাল যাদবক সাক্ষাৎ কৰে।

জানিব পৰা মতে, সাংসদ যাদবে ৰাজ্য সভাত বিধেয়কখন উত্থাপন নহয় বুলি উল্লেখ কৰাৰ লগতে যদি বিধেয়ক ৰাজ্য সভাত উত্থাপন হয়; তেতিয়াহ’লে তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰিব আৰু বাতিলৰ ব্যৱস্থাপনা কৰিব বুলি ৭০সংগঠনৰ প্রতিনিধিক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে, প্ৰতিনিধি দলটোৱে এই সন্দৰ্ভত চিপিআইৰ সাংসদ তথা ৰাজ্যসভাৰ সাংসদ ডি ৰাজা আৰু আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো সাক্ষাৎ কৰে।

প্ৰতিনিধি দলটোত আছিল অখিল গগৈ, পলাশ চাংমাই, জোনমণি দেৱী খাউণ্ডকে ধৰি আন কেইবাজনো নেতা।