NORTHEAST NOW (Assamese)
Popular Stories

মধ্যযুগীয় বৰ্বৰতা! পশ্চিম বংগৰ প্ৰব্ৰজিত শ্ৰমিকক ওলোটাকৈ ওলোমাই তীব্ৰ প্ৰহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2025 3:51 pm

দিল্লীত সংঘটিত হৈছে আজৱ কাণ্ড। কাম বিচাৰি গুৰুগ্ৰামলৈ যোৱা বঙালী লোকসকলে আতংকিত হৈ এতিয়া ঘৰ এৰি পলায়ন কৰিছে। আৰক্ষীয়ে মুছলমান বঙালীক দেখিলেই লাঠি তুলি লৈছে বুলি ভুক্তভোগীয়ে দাবী কৰিছে। ইফালে গুৰুগ্ৰামত নির্মিত ঘৰৰ ভিতৰত ওলোটাকৈ ওলমি থকা এজন প্ৰব্ৰজিত শ্ৰমিকক নৃশংসভাৱে প্ৰহাৰ কৰা ভিডিঅ’ পোহৰলৈ আহিছে। আৰু সেই ভিডিঅটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে।

ভাইৰেল ভিডিঅটোত দেখা গৈছে এজন লোকক ভৰিৰে বান্ধি ওলোমাই থোৱা, পাল পাতি কেইবাজনো লোকে প্ৰহাৰ কৰা দেখা গৈছে। আৰু তেওঁ নিজৰ জীৱন ৰক্ষাৰ বাবে কান্দি কান্দি দয়া বিচাৰিছে । জানিব পৰা মতে, এই ঘটনাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনা যোৱা জুন মাহত সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। খবৰটো প্ৰকাশ পোৱাৰ লগে লগে উত্তেজনাৰ সৃষ্টি হৈছে। আৰক্ষীয়ে জনোৱা মতে, গুৰুগ্ৰামৰ ৩৭ নং ছেক্টৰৰ আই এল ডি গ্ৰীণছ কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা। ভিডিঅ ভাইৰেল হোৱাৰ পাছত গুৰুগ্ৰাম আৰক্ষী suo motu য়ে গোচৰ ৰুজু কৰে।

ইতিমধ্যে এই ঘটনাৰ চাৰিজন সন্দেহযুক্ত লোক চিনাক্ত কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। তেওঁলোক হল পুষ্পেন্দ্ৰ, অজিত সিং, কৃষ্ণকুমাৰ আৰু অমিত কুমাৰ। তেওঁলোকৰ প্ৰত্যেকেই সেই স্থানত নিৰাপত্তাৰক্ষী হিচাপে পৰিচিত। তেওঁলোকৰ সন্ধান আৰম্ভ হৈছে। তদুপৰি নিৰ্যাতিত যুৱকজন বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। এনে নৃশংস অপৰাধৰ অভিযুক্তসকলৰ বাবে কঠোৰ শাস্তি নিশ্চিত কৰা হব বুলি আৰক্ষীয়ে জনাইছে।