NORTHEAST NOW (Assamese)
অসম

ভাৰতত আছে “নিপল” আৰু “বাটন”: এমেৰিকান ৰাষ্ট্ৰপতি ত্ৰাম্প

Posted by: এন ই নাও নিউজ February 3, 2019 8:21 pm
‘Nipple’ and 'Button' part of India: US Prez Trump

কিছুদিন পূৰ্বে নেপালক “নিপল” আৰু ভুটানক “বাটন” বোলা এমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ত্ৰাম্পৰ মতে চুবুৰীয়া দেশ দুখন ভাৰতৰে অংশ!

বিভিন্ন বিভ্ৰান্তিকৰ মন্তব্যৰ বাবে সময়ে সময়ে চৰ্চিত হৈ অহা ত্ৰাম্পৰ মন্তব্য সন্দৰ্ভত শনিবাৰে এই বাতৰি পৰিৱেশন কৰিছে টাইম এ।

শেহতীয়াকৈ দক্ষিণ এ’ছিয়া সন্দৰ্ভত চোৰাংচোৱাৰ অতি গোপন আৰু অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰে’জিদেন্ত ব্ৰীফিঙৰ সময়ত এই মন্তব্য কৰিছে ত্ৰাম্পে, এমেৰিকান চোৰাংচোৱাৰ অচিনাক্ত সূত্ৰৰ আধাৰত টাইমৰ বাতৰিত প্ৰকাশ।

কিন্তু মন্তব্যতকৈয়ো এমেৰিকান চোৰাংচোৱাক বিব্ৰত কৰা বিষয়টো হৈছে ৰাষ্ট্ৰপতি ত্ৰাম্পৰ মেজাজ। বাতৰিটো মতে মাৰ্কিন চোৰাংচোৱাৰ শীৰ্ষতম বিষয়াসকলে ভুলটো আঙুলিয়াই দিয়াত “সত্য” মানিবলৈ নাৰাজ ত্ৰাম্প খঙাল হৈ উঠে।

বাৰ্ষিক $৮১ বিলিয়ন ডলাৰ ব্যয় হোৱা এমেৰিকান চোৰাংচোৱাৰ প্ৰতিবেদনৰ প্ৰতি ত্ৰাম্পৰ এই মেজাজক “willful ignorance” বুলিও মন্তব্য কৰিছে সূত্ৰটোৱে।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকি সন্দৰ্ভত এমেৰিকান কংগ্ৰেছত হোৱা শেহতীয়া শুনানিটো নেচনেল ইন্তেলিজেন্স সঞ্চালক, এফ বি আই আৰু চি আই এ’কে ধৰি চোৰাংচোৱা সংস্থাৰ মতৰ বিপৰীতে অৱস্থান লৈছিল ত্ৰাম্পে। চোৰাংচোৱা মুৰব্বীসকল “নিষ্ক্ৰিয় আৰু অনভিজ্ঞ” আৰু “তেওঁলোক পুনৰ বিদ্যালয়মুখী হ’ব লাগে”, চোৰাংচোৱাৰ প্ৰতিবেদনৰ প্ৰতি এয়া আছিল ত্ৰাম্পৰ প্ৰতিক্ৰিয়া।

সূত্ৰটোৰ মতে ৰাষ্ট্ৰপতিৰ ৰাজহুৱা স্থিতিৰ লগত বিৰোধ থকা কোনো বিশ্লেষণ ত্ৰাম্পক দাখিল নকৰিবলৈয়ো চোৰাংচোৱাসকলক সকীয়াই দিয়া হৈছে।