NORTHEAST NOW (Assamese)
অসম

আন্ত:ৰাষ্ট্ৰীয় বক্সিঙত দেশক প্ৰতিনিধিত্ব কৰিব বক্সাৰ লাভলিনা বৰগোহাঁইয়ে

Posted by: এন ই নাও নিউজ February 4, 2019 9:14 am
Lovlina-Borgohain-570x320

অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই আগন্তুক আন্ত:ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ বাবে ভাৰতীয় মহিলা বক্সিং দলত নিৰ্বাচিত হৈছে।

অহা ১৩ ফেব্ৰুৱাৰিৰ পৰা ২০ ফেব্ৰুৱাৰিলৈকে বুলগেৰিয়াৰ ছোফিয়াৰ ষ্ট্ৰেণ্ডজাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত লাভলিনাই ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অসমৰ গোলাঘাট জিলাৰ খেলুৱৈগৰাকীয়ে ২০১৭ত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তদুপৰি, বিগত বৰ্ষৰ নৱেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাৰ ছেমিফাইনেলত লাভলিনাই পৰাস্ত হোৱা লাভলিনাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

আনহাতে, বিগত বৰ্ষৰ ছেপ্টেম্বৰত পোলেণ্ডত অনুষ্ঠিত ১৩ সংখ্যক ইণ্টাৰনেশ্যনেল চিলেছিয়ান বক্সিং চেম্পিয়নশ্বিপত বক্সাৰ লাভলিনা বৰগোহাঁইয়ে দমনীয় প্ৰদৰ্শন আগবঢ়াই ছেমি ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিবলৈ সক্ষম হৈছিল।

প্ৰতিযোগিতাখনত ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অসমৰ লাভলিনাই কোৱাৰ্টাৰ ফাইনেলত চেক গণৰাজ্যৰ মাৰ্টিনা স্কমৰাজ’ভাক পৰাস্ত কৰিছিল।