NORTHEAST NOW (Assamese)
অসম

ধূলাৰ পৰিস্থিতি স্বাভাৱিক : আক্ৰান্ত পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰিলে কেবিনেট মন্ত্ৰীয়ে

Posted by: ময়ূখ গোস্বামী January 11, 2018 8:02 pm

দৰং জিলাৰ ধূলাৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে। বৰ্তমানলৈ কোনো নতুন হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

বুধবাৰৰ পৰা জাৰি কৰা সান্ধ্য আইন আজি আবেলি তিনি বজাৰ পৰা চাৰি ঘন্টাৰ বাবে শিথিল কৰি দিয়া হৈছে।

ইয়াৰ মাজতে গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে আজি আবেলি ঘটনাৰ বলি হোৱা গোৰাপৰি গাঁৱৰ মইদুল ইছলাম আৰু আটাকাটা গাঁৱৰ হাছেন আলীৰ ঘৰলৈ গৈ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে  আৰু নিহতৰ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰে।

গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতালত প’ষ্ট মৰ্টেম কৰাৰ পিছত বৃহস্পতিবাৰে হাছেন আলীৰ মৃতদেহ আবেলি প্ৰায় ৪-৩০ বজাত কেবিনেট মন্ত্ৰীদ্বয়, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, ইডিএফৰ বিধায়ক আমিনুল ইছলাম, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু আন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত পৰিয়ালক গটাই দিয়া হয়।

পূৰ্বতে স্থানীয় ৰাইজে মন্ত্ৰীয়ে এক কালীন সাহায্য ঘোষণা নকৰিলে মৃতদেহ চমজি নোলোৱাৰ স্থিতি গ্ৰহণ কৰিছিল।

আনহাতে আজি ৰাতিপুৱাৰ ভাগত ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা কংগ্ৰেছ বিধায়িনী দলৰ এটি প্ৰতিনিধি দলে দৰং জিলাৰ উপায়ুক্তক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি নিহত ব্যাক্তিৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়া আৰু ধূলা কাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

ইয়াৰ মাজতে বৃহস্পতিবাৰে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলম্বিত উপ পৰিদৰ্শক ৰঞ্জিত হাজৰিকাক গ্ৰেপ্তাৰ কৰা হয় আৰু আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

দৰঙৰ জিলা দণ্ডাধীশে তদন্তৰ নিৰ্দেশ দিয়া অতিৰিক্ত জিলা দণ্ডাধীশ নৰনাৰায়ন নাথে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু শুকুৰবাৰৰ পৰা সাক্ষীৰ শুনানি লিপিবদ্ধ কৰিবলৈ জাননী জাৰি কৰিছে।