NORTHEAST NOW (Assamese)
অসম

থাইলেণ্ডত সোণৰ পদক দখল মণিপুৰী ভাৰত্তোলক মীৰাবাঈ চানুৰ

Posted by: এন ই নাও নিউজ February 8, 2019 12:27 pm
Chanu Saikhom Mirabai

পুনৰ এবাৰ বিশ্ব মহিলা ভাৰত্তোলনত নিজৰ শক্তিৰ প্ৰমাণ দিলে উত্তৰ-পূৰ্বাঞ্চলৰ কন্যা মণিপুৰৰ ভাৰত্তোলক ছাইখম মীৰাবাঈ চানুৱে। থাইলেণ্ডৰ চিয়াংমায় চহৰত অনুষ্ঠিত হোৱা ই জি এ টি কাপ ভাৰত্তোলন প্ৰতিযোগিতাত বৃহস্পতিবাৰে মণিপুৰৰ তাৰকা ভাৰত্তোলক চানুৱে সোণৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে।

প্রতিযোগিতাৰ ৪৯ কিলোগ্ৰাম শাখাত সৰ্বমুঠ ১৯২ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোণৰ পদক জয় কৰে চানুৱে। ২০১৮ বৰ্ষৰ অধিকাংশ সময় আঘাতৰ বাবে খেলৰ পৰা আঁতৰি থাকিব লগীয়া চানুৱে চলিত প্ৰতিযোগিতাখনত শক্তিশালী প্ৰত্যাবৰ্তন ঘটায়।

“আঘাতৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত এয়া মোৰ প্ৰথমটো পদক। মই এতিয়া ১০০% সুস্থ অনুভৱ কৰিছো, কিন্তু এয়া মোৰ বাবে উৎকৃষ্ট ফলাফল নহয়।ব্যক্তিগত অভিলেখতকৈ মাত্ৰ চাৰি কিলোগ্ৰাম ভৰ কমকৈ উত্তোলন কৰিলেও আঘাতৰ পিছত নিজৰ প্ৰদৰ্শনক লৈ ব্যক্তিগতভাবে মই সন্তুষ্ট ” –পদক জয়ৰ পিছত সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়ায় প্ৰতিভাৱান ভাৰত্তোলক গৰাকীয়ে।

প্ৰতিযোগিতাখনত জাপানৰ মিয়াকি হিৰোমিয়ে(১৮৩কেজি) আৰু পাপুৱা নিউ গুয়েনাৰ লোৱা ডিকা টাওৱে(১৭৯ কেজি) ভাৰোত্তলন কৰি ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক দখল কৰে।

উল্লেখ্য যে বিগত বৰ্ষত জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত চানুৱে আঘাতৰ বাবে ভাগ লব পৰা নাছিল।