NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ আশীৰ্বাদত কাইলৈ ৰাজ্যৰ আশাকৰ্মীৰ ছুটী,পাব ভাট্টাও!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 8, 2019 12:14 pm
members-of-all-assam-asha-workers-union-stage-a-218039

কাইলৈ অসমলৈ আহিব প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী। অসমলৈ আহি মোদী পোনে পোনে উপস্থিত হ’ব উত্তৰ গুবাহাটীৰ চাংসাৰিত। চাংসাৰিত এইমছৰ ভূমিপুজন কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে। সেয়েহে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ ফালৰ পৰা ৰাজ্যৰ দহখন জিলাৰ আশাকৰ্মীক উক্ত ভূমিপুজন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কঢ়া নিৰ্দেশনা জাৰি কৰিছে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত স্বাস্থ্য বিভাগৰ মুখ্য সচিব সমীৰ কুমাৰ সিনহাই কয় যে গুৱাহাটীৰ ওচৰে-পাজৰে যিবোৰ জিলা আছে, তাৰ পৰা কেৱল আশা কৰ্মীৰ উপৰিও যুটীয়া সঞ্চালকসকলেও যোগদান কৰিব।

কেৱল সিমানেই নহয়, চৰকাৰৰ স্বাস্থ্য বিভাগৰ আশীৰ্বাদপুষ্ট দহখন জিলাৰ ১০,১২০ গৰাকী আশা কৰ্মীয়ে কাইলৈ স্বাস্থ্যখণ্ডত একো সেৱা আগনবঢ়োৱাকৈ লাভ কৰিব দৈনিক ৩০০ টকাৰ ভাট্টা।

8b62f81d-4fe4-4622-8737-cb0c7288ca7e
যুটীয়া স্বাস্থ্য সঞ্চালকসকললৈ নিৰ্দেশ দি এন এইচ এমৰ মিছন সঞ্চালকে লিখা পত্ৰখন।

দহখন জিলা ক্ৰমে কামৰূপ মহানগৰ,কামৰূপ গ্ৰাম্য, বৰপেটা, চিৰাং, বাক্সা, দৰং, নগাওঁ, নলবাৰী, ওদালগুৰি আৰু গোৱালপাৰাৰ পৰা ৰেইল আৰু বাছ সেৱা যোগে আশা কৰ্মীসকলক অনা হ’ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক জে ভি এন সুৱ্ৰমণিয়ামে জিলাসমূহৰ যুটীয়া সঞ্চালকালয়লৈ প্ৰেৰণ কৰা নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে।

ইপিনে, কামৰূপ মহানগৰ জিলাৰ পৰা ৭৩৮ গৰাকী, কামৰূপ গ্ৰাম্যৰ পৰা ১৭৩৭ গৰাকী, বৰপেটাৰ পৰা ১২০০ গৰাকী, চিৰাঙৰ পৰা ৫০০ গৰাকী, দৰঙৰ পৰা ৯৬৪ গৰাকী, নগাওঁ জিলাৰ পৰা ২০০০ গৰাকী, নলবাৰীৰ পৰা ৭৪৬ গৰাকী, ওদালগুৰিৰ পৰা ১০০০ গৰাকী  আৰু গোৱালপাৰাৰ পৰা ৩০০ গৰাকী আশাকৰ্মীক কাইলৈ আমিনগাওঁৰ চাংসাৰিস্থিত মোদীৰ সভাত অংশগ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে আশাকৰ্মী সকলৰ উন্নয়নৰ বাবে ‘আশা কিৰণ’ যোজনাৰ শিতানৰ পৰা ধন খৰচ কৰি স্বাস্থ্য বিভাগে মোদীৰ সভালৈ আশা কৰ্মীসকলক আনিব বুলি নৰ্থ ইষ্ট নাওৱে লাভ কৰা ‘ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান’ৰ নিৰ্দেশনাৰ জৰিয়তে স্পষ্ট হৈ পৰিছে।

নিৰ্দেশনাত উল্লেখ থকা মতে আশা কৰ্মীসকলৰ যাতায়তী আৰু খোৱা-বোৱা খৰচ ৰাজ্য চৰকাৰৰ আশা কিৰণ যোজনাৰ অধীনত খৰচ কৰা হ’ব। লগতে নিৰ্দেশনাত উল্লেখ আছে যে প্ৰত্যেকগৰাকী আশাৰ বাবদ ৩০০ টকাকৈ মুঠ ৩০,৩৬,০০০ টকা যোজনাৰ অধীনত খৰচ কৰিব চৰকাৰৰ স্বাস্থ্য বিভাগে। ইয়াৰ ভিতৰত আশা কৰ্মীৰ ডি এ হিচাপত ১০,১২,০০০ টকা আৰু খোৱা বোৱাৰ বাবদ ২০,২৪,০০০ টকা ৰাজকোষৰ পৰা খৰচ কৰা হ’ব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, আশা কিৰণ শিতানৰ ধন আশাকৰ্মীসকলৰ কল্যাণৰ বাবদ খৰচ কৰা হয় তথা কোনো আশাকৰ্মীৰ মৃত্যু হ’লে লগতে কোনো আশাকৰ্মীৰ আৰ্থিক সহায়ৰ প্ৰয়োজন হ’লে এই শিতানৰ পৰা ধন খৰচ কৰা হয়। এই ক্ষেত্ৰত মোদীৰ জনসভাত অংশগ্ৰহণ কৰিবলৈ অনাৰ বাবদ উক্ত আঁচনিৰ বাজেট শিতানৰ পৰা ধনৰাশি খৰচ কৰা কথাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

মন কৰিবলগীয়া যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে বিজেপিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন কিছু লাঘৱ হৈছে। সেয়েহে এনেদৰে আশা কৰ্মী সকলক আনি বিজেপিৰ কাৰ্য্যকৰ্তাৰ সৈতে সংযোগ কৰি মোদীৰ জনপ্ৰিয়তা দেখুওৱাৰ অঘোষিত প্ৰতিযোগিতাত বিজেপি দল-চৰকাৰ নামি পৰিছে বুলি সচেতন মহলত বিষয়টো চৰ্চিত হৈছে।

লক্ষণীয়ভাৱে কাইলৈ তাই আহোম যুৱ পৰিষদে ৰূপায়ণ কৰিবলগীয়া ১২ ঘন্টীয়া অসম বন্ধৰ মাজতো কিদৰে বাছেৰে মোদীৰ সভালৈ আশা কৰ্মী আৰু বিজেপি কৰ্মী আহে,সেয়া লক্ষণীয় হ’ব।