NORTHEAST NOW (Assamese)
অসম

‘মোদীৰ ভাষণ আৰ এছ এছৰ নেতাৰ দৰে আছিল’, ‘বিজেপিৰ চৰকাৰ আশ্বাস আৰু মিছাৰ চৰকাৰ’, সংবাদমেলত তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 10, 2019 5:18 pm
Tarun Gogoi

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কালিৰ (৯ ফেব্ৰুৱাৰিত) বক্তৃতা আছিল এজন আৰ এছ এছৰ নেতাৰ দৰে। চাংসাৰিৰ সভাত অসমৰ মিডিয়াকো তাচ্ছিল্য কৰিবলৈ নেৰা মোদীৰ বিৰুদ্ধে এই অভিযোগ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। আজি গগৈয়ে নিজৰ চৰকাৰী বাসগৃহত এখন সংবাদমেল দিয়ে।

“আশ্বাস আৰু মিছাৰ চৰকাৰ এইখন। অসমৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজীৱ গান্ধীয়ে অসম চুক্তিৰ জৰিয়তে উল্লেখ কৰিছিল। তেওঁ এতিয়া নতুনকৈ অসমৰ উন্নয়নৰ কথা ক’ব নালাগে।”,  মোদীৰ চাংসাৰিৰ সভাক নাটক আখ্যা দি গগৈয়ে সংবাদমেলত কয়।

ইপিনে মোদীয়ে লাচিত, চুকাফা, ভূপেন হাজৰিকাৰ নামত ৰাজনীতি কৰিব বিচৰাটোক কটাক্ষ কৰি তেওঁ কয়, “লাচিত বৰফুকন, ভূপেন হাজৰিকা আৰু চুকাফাৰ নাম লৈছে যিহেতু আইনখন বাতিল কৰিব লাগে।”

মোদী চৰকাৰে শিক্ষাৰ দিশটোৰ ওপৰ কিমান গুৰুত্ব দিলে বুলিও প্ৰশ্ন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। “কিমানখন আই আই টি স্থাপন কৰিলে মোদীয়ে দেখুৱাই দিয়ক। গুজৰাটতো নাই আই আই টি। কংগ্ৰেছেহে আনিছিল আই আই টি।” গগৈৰ দাবী।

তেওঁৰ মতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে মোদী। মোদীৰ দাম্ভিকতা বাঢ়ি গৈছে। “মোদী চৰকাৰ অহাৰ লগে লগে অসমৰ মানুহৰ দুখ-কষ্ট বাঢ়িছে”, প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ দাবী।

আনহাতে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দলঙক লৈ চাংসাৰিৰ সভাত বিজেপিয়ে কৃতিত্ব দাবী কৰা বিষয়ত গগৈয়ে কয়, “এখনক বাদ কৰি আন কেইখন দলঙত কংগ্ৰেছৰ অৱদান আছে।”

তেওঁ কংগ্ৰেছক সমালোচনা কৰা বিজেপিয়ে পাঁচ বছৰত এজনো বিদেশী খেদিব নোৱাৰিলে বুলিও অভিযোগ কৰে।

ইপিনে সাংবাদিকসকলক তুচ্ছজ্ঞান কৰি মন্তব্য কৰা বাবে মোদীক সমালোচনা কৰি গগৈয়ে কয়, “নিৰ্বাচনৰ আগত প্ৰিণ্ট মিডিয়াই মোদীক সমৰ্থন কৰিছিল। তেতিয়া মিডিয়াক ভাল পাইছিল।”

“ক’লা পতাকা দেখিবলৈ পোৱা এইজনেই প্ৰথম প্ৰধান মন্ত্ৰী”, মোদীৰ প্ৰতি কটাক্ষৰ শেল গগৈৰ।

আনহাতে, গগৈয়ে প্ৰাক্তন সতীৰ্থ হিমন্তকো তীব্ৰ কটাক্ষ কৰে। “চৰ্দাৰে গভাইত ডকাইতক কাষত বহাই ল’লে।”, কালিৰ সভাখনত মোদীৰ কাষতে বহা হিমন্তৰ বিষয়ে এই টিপ্পনী গগৈৰ।

‘আছুক পৰিষ্কাৰ কৰিব লাগিব’ বুলি মন্ত্ৰী হিমন্তই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তৰুণ গগৈয়ে কয়, “হিমন্ত নিজেই লেতেৰা। আছুক কি পৰিষ্কাৰ কৰিব?”

আগন্তুক লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ প্ৰত্যাশা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে টাৰ্গেট ৮টা সমষ্টিত জয়ী হোৱা বুলি জানিবলৈ দিয়ে। অৱশ্যে গগৈয়ে এয়া তেওঁৰ ব্যক্তিগত হিচাপ বুলি কয়।