NORTHEAST NOW (Assamese)
অসম

চাৰি দশক পিছত আইজাক শ্বুৰ স্থানত নতুন মুখেৰে ন সাজত এন এচ চি এন (আই এম)

Posted by: অনুপ শৰ্মা February 12, 2019 7:25 pm
ISIS would be defeated, if it creates trouble for the Nagas: NSCN-IM

প্ৰায় চাৰি দশক পিছত প্ৰতিষ্ঠাপক আইজাক চ্চিশ্বি শ্বুৰ স্থানত নতুন অধ্যক্ষ নিযুক্তিৰে ন সাজ পিন্ধিছে এন এচ চি এন (আই এম)এ।

১৯৮০ চনৰে পৰা নাগা বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষৰ পদ চম্ভালি অহা শ্বুৰ স্থানত নিৰ্বাচিত হৈছে কেহিজু তুকু। তাৰোপৰি উপাধ্যক্ষৰূপে নিৰ্বাচিত হৈছে তংমেথ ৱাংনাও।

শ্বুৰ মৃত্যুৰ পিছত নাগা বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষৰ আসন যোৱা তিনি বছৰ খালী থকাৰ বিপৰীতে খ’লি কন্যাকৰ মৃত্যুৱে যোৱা ১২ ডিচেম্বৰৰ পৰা শূন্য কৰি ৰাখিছিল উপাধ্যক্ষৰ পদ।

লগতে পঢ়ক– নাগা জেনেৰেল খ’লিলৈ ডিমাপুৰত বিদায় সম্ভাষণ চৰকাৰ-বিৰোধী, সতীৰ্থ-গুণমুগ্ধৰ

বিদ্ৰোহী সংগঠনটোৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ লগতে অহা ৬ বছৰৰ বাবে জি পি আৰ এন (Government of the People’s Republic of Nagalim)ৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ দায়িত্বও চম্ভালিব নৱ নিৰ্বাচিত নেতা দুজনে।

মুখ্য কাৰ্য্যালয় হেব্ৰনত অনুষ্ঠিত জাতীয় হ’হ’ত এই ঘোষণা কৰিছে সাধাৰণ সম্পাদক তথা চৰকাৰৰ প্ৰধান মন্ত্ৰী থুইগালেং মুইভাই, মঙলবাৰে বিবৃতিত প্ৰকাশ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ।