NORTHEAST NOW (Assamese)
অসম

স্বাধীন মিজোৰাম আদৰণিৰে প্ৰতিবাদী জনতাত বিলীন ৫ বাৰৰ মুখ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ February 12, 2019 11:07 pm
Protest held in Mizoram with placards signaling for an independent republic

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক উত্থাপনক লৈ উৎকণ্ঠিত প্ৰতিবাদী জনতাৰ মাজত বিলীন হৈ মঙলবাৰে “স্বাধীন মিজোৰাম”ক আদৰণি জনালে ৰাজ্যখনৰ ৫ বাৰৰ মুখ্য মন্ত্ৰীৰূপে অভিলেখ গঢ়া লালথানহাওলাই।

ইমান প্ৰতিবাদৰ পিছতো যদি বিজেপি চৰকাৰে আমাৰ কথা নুশুনে, বিকল্প কি আমাৰ? প্ৰাক্তন মুখ্য মন্ত্ৰী, কংগ্ৰেছ নেতা লালাথানহাওলাও উপস্থিত থকা গণ জাগৰণতে বহু প্ৰতিবাদী মিজোৱে পুনৰ উত্থাপন কৰিলে “লালদেংগা-যুগ”ৰ অৱসানৰ পিছত কেন্দ্ৰীয় চৰকাৰ বাদ, ভাৰত ৰাষ্ট্ৰক আহুকালত পেলাব পৰা এই প্ৰশ্ন।

“Welcome Independent Republic of Mizoram”, “Hello New Christian Country”, “No Hindu Relics at Vangchhia” আদি সাৰ্বভৌম মিজোৰামৰ আদৰণি সমৃদ্ধ প্লাকাৰ্দে স্পষ্ট কৰিলে বিধেয়্ক-বিক্ষুব্ধ মিজোসকলৰ বাৰ্তা।

“আমি ভাৰতক সোঁৱৰাই দিব খুজিছো তেওঁলোকৰ স্বাধীনতা সংগ্ৰামৰ অধ্যায়। আপোনালোকে আপোনালোকৰ ওপৰত চলা দমন ভাল পোৱা নাছিলে আৰু আমি মিজোসকলেও আপোনালোকে পোৱাৰ দৰে দমন পাব নোখোজো। মনত ৰাখিব তেজ আমাৰ মিজো, আইনৰ যোগেদিহে মাত্ৰ আমি ভাৰতীয় হৈছো,” প্ৰতিবাদথলীপৰা “কেন্দ্ৰীয় চৰকাৰৰ” নেতৃত্বৰ প্ৰতি এই বাৰ্তা ৰাজ্যখনৰ অতি প্ৰভাৱশালী ইউথ মিজো এচ’চিয়ে’চনৰ সভাপতি ৱানলালৰুৱাতাৰ।

লগতে পঢ়ক– লালদেংগাক সোঁৱৰাই কেন্দ্ৰক সকীয়নি সহস্ৰ বিক্ষুব্ধ মিজো শিক্ষাৰ্থীৰ

ইপিনে বিধেয়কখনক লৈ মিজো সংগঠনসমূহৰ সন্দেহৰ দৃষ্টিত পৰা নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী জ’ৰামথাংগায়ো বিধেয়কখনৰ স্পষ্ট আৰু দৃঢ় বিৰোধিতা কৰা বুলি পুনৰ স্পষ্ট কৰিছে।

“প্ৰথমৰে পৰা আমাৰ দল বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধী। দলৰ মজিয়াৰ পৰা আমি ইয়াৰ মুকলি বিৰোধিতা কৰিছো। আমি বিধেয়কৰ বিৰুদ্ধে কেবিনে’ট সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু চৰকাৰৰ ফালৰ পৰাও আমি ইয়াৰ দুৰ্ঘোৰ বিৰোধ কৰিছো,” স্পষ্টীকৰণ বিজেপি নেতৃত্বাধীন নেদাৰ অংশীদাৰ এম এন এফৰ মুখ্য মন্ত্ৰী থাংগাৰ।

সমূহ মিজো জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চ জইন্ত এন জি অ’ ক’-অৰ্দিনে’চন কমিতিয়ে ৰাজ্যসভাত বিধেয়ক উত্থাপনৰ সমান্তৰালকৈ আইজলৰ চিতি চে’ন্তাৰত প্ৰতিবাদী সমাৱেশটো আহ্বান কৰিছিল।