NORTHEAST NOW (Assamese)
অসম

চি বি আইৰ কামত ক্ষুব্ধ ৰঞ্জন গগৈ : আদালত অৱমাননাৰ শাস্তি প্ৰয়োগ প্ৰাক্তন সঞ্চালক আৰু অধিবক্তাৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ February 13, 2019 12:05 pm
SC bench rejects petition accusing Bhushan in Ranjan Gogoi case

চি বি আইৰ অন্তৰ্ৱৰ্তী প্ৰাক্তন সঞ্চালক এম নাগেশ্বৰ ৰাও আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ অধিবক্তা এছ বাসুৰনক আদালত অৱমাননাৰ দোষৰ শাস্তি স্বৰূপে দিনটো আদালতকক্ষত বহুৱাই থ’লে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত এখন বিচাৰপীঠে। ৰঞ্জন গগৈৰ উপৰি বিচাৰপীঠখনত আছিল ন্যায়াধীশ এল নাগেশ্বৰ ৰাও আৰু  ন্যায়াধীশ সঞ্জীৱ খান্না।

শীৰ্ষ আদালতখনে ইয়াৰ এটা পূৰ্বৰ নিৰ্দেশ অমান্য কৰি ‘বিহাৰ আশ্ৰয় গৃহ’ৰ গোচৰটো তদন্ত কৰি থকা সংস্থাটোৰ এজন বিষয়াক বদলি কৰা বাবে কৈফিয়ৎ বিচাৰিছিল। পূৰ্বৰ নিৰ্দেশটোত উক্ত গোচৰটো তদন্ত কৰি থকা কোনো বিষয়াক আদালতৰ অনুমতি অবিহনে বদলি নকৰিবলৈ কোৱা হৈছিল।

কিন্তু সেই নিৰ্দেশ অমান্য কৰি সংশ্লিষ্ট গোচৰটো তদন্ত কৰি থকা এ কে শৰ্মাৰ বদলিত অনুমোদন জনাইছিল ৰাও-এ। এই কাম কৰি আদালতৰ ৰোষত পৰাৰ পিছত দোষ স্বীকাৰ কৰি ১১ ফেব্ৰুৱাৰিত দুয়োজনে (সংস্থাটোৰ প্ৰাক্তন অন্তৰ্ৱৰ্তী সঞ্চালক আৰু অধিবক্তা) নিঃচৰ্ত ক্ষমাপ্ৰাৰ্থনাৰে এখন শপতনামাৰ দিয়ে আদালত।

চি বি আইৰ হৈ আদালতত উপস্থিত থকা কেন্দ্ৰীয় চৰকাৰৰ মহান্যায়বাদী (এটৰ্নি জেনেৰেল) কে কে বেণুগোপালে বিষয়টোত তেওঁলোকৰ ‘নিঃচৰ্ত ক্ষমাপ্ৰাৰ্থনা’ গ্ৰহণ কৰিবলৈ আৰু ইয়াক ‘দোষ মাৰ্জনা’ৰ জৰিয়তে সমাধা কৰিবলৈ আহ্বান জনায়। ‘‘আদালত অৱমাননা এটা অতিশয় শক্তিশালী আহিলা’’, আদালতক কে কে বেণুগোপালে কয়।

কিন্তু অসন্তুষ্ট ন্যায়ালয়ে দুয়োজনকে দোষী সাব্যস্ত কৰে আৰু আদালতৰ দিনটোৰ কাৰ্য্যক্ৰমণিকা শেষ নোহোৱা পৰ্য্যন্ত আদালত কক্ষৰ এচুকত বহি থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে গাইপতি ১ লাখ টকাকৈ জৰিমনা বিহে।

শীৰ্ষ আদালতখনৰ মতে, এ কে শৰ্মাৰ বদলিত অনুমোদন জনাওঁতে ৰাও-এ আদালতৰ নিৰ্দেশটো সম্পৰ্কে অৱগত আছিল আৰু তৎসত্ত্বেও তেওঁ ১৮ জানুৱাৰিত এই বদলিৰ নিৰ্দেশটোত চহী কৰিছিল। ‘‘এইটো আদালত অৱমাননা নহয় যদি কি?’’, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰশ্ন।

‘‘মিষ্টাৰ এটৰ্নি জেনেৰেল এইটো স্পষ্ট কৰা যাওক, আমাৰ কোনো এজনে আজিলৈকে কেতিয়াবা আদালত অৱমাননা প্ৰয়োগ কৰিব লগীয়া হৈছে বুলি মই নাভাবো। কিন্তু ইয়াত এতিয়া এটা যতি পেলোৱা হওক। আদালতৰ মৰ্য্যাদা আৰু মহত্ত্বক ধৰি ৰাখিব লাগিব’’, নিৰ্দেশটোত কে কে বেণুগোপালক সম্বুধি এই টোকা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ।

বেণুগোপালৰ লগতে অভিযুক্ত দুজনৰ উপস্থিতিত শুনানি লোৱাৰ পিছতে দুয়োজন দোষীক আদালতৰ চুকত বহি থাকিবলৈ নিৰ্দেশ দিয়ে।

ঘটনাটোৰ পিছত ন্যায়াধীশ হিচাপে নিজৰ ২০ বছৰীয়া দীঘল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ লোৱা বুলি কয় মুখ্য ন্যায়াধীশ, অসম সন্তান ৰঞ্জন গগৈয়ে।