NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত বিধেয়কৰ বিৰোধিতাৰে সৰ্বা-হিমন্তলৈ শ্ৰদ্ধাঞ্জলি

Posted by: এন ই নাও নিউজ February 13, 2019 2:14 pm
IMG_20190213_102303

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে আজি নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীৰে বৰপাৰাত ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

ছাত্ৰ সংগঠনটোৱে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰি এই উপায়েৰে তেওঁলোকৰ চেতনা জাগ্ৰতৰ চেষ্টা কৰে।

সংগঠনটোৱে প্ৰতিবাদী কাৰ্য্যসূচীটোত ‘‘বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল নিপাত যাওক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’’ শ্ল’গান দিয়াৰ লগতে বিধেয়কখন বাতিলৰ দাবী তোলে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে একমাত্ৰ ৰাজনৈতিক মুনাফা অৰ্জন কৰাৰ বাবে খিলঞ্জীয়া জনসাধাৰণৰ আৱেগক উপলুঙা কৰিছে। এনে চৰকাৰৰ ওচৰলৈ প্ৰতিবাদৰ ভাষা হিচাপে আমি দুই প্ৰভাৱশালী মন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী হাতত ল’বলৈ বাধ্য হ’লো।

ৰাজ্যৰ শেহতীয়া প্ৰতিবাদ আৰু অগ্নিগৰ্ভা পৰিৱেশৰ বাবে শাসক পক্ষক জগৰীয়া কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলি সংবাদ মাধ্যম যোগে চৰকাৰক সকীয়নি দিয়ে প্ৰতিবাদকাৰী সকলে।