NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত পাৰস্পৰিক যুঁজত ঢেকীয়াপতীয়া বাঘৰ মৃত্যু

Posted by: উত্তম শইকীয়া February 13, 2019 8:49 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজি এটা মৃত ঢেকীয়াপতীয়া বাঘ উদ্ধাৰ হৈছে।  বাগৰি বনাঞ্চলৰ ৰৌমাৰি বনশিবিৰ এলেকাত পুৱা উদ্যানখনত কৰ্তব্যৰত বন কৰ্মীয়ে মৃত বাঘটোক  প্ৰত্যক্ষ কৰে ৷

পিছত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰিৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত পশু চিকিৎসকৰ এটা দলে বাঘটোৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷

ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰতিনিধিৰ উপস্থিতিত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসকে কৰা এই মৰণোত্তৰ পৰীক্ষা মতে পাৰস্পৰিক যুঁজৰ ফলতেই প্ৰায় ৫ দিনৰ আগতেই বাঘটোৰ মৃত্যু হৈছে।

পশু চিকিৎসকে জনোৱা মতে যুঁজৰ সময়ত হোৱা গভীৰ জখমৰ ফলত হোৱা চেপ্তিকৰ বাবেই বাঘটোয়ে মৃত্যুক সাবটিবলগীয়া হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত বাঘটোৰ বিধিগতভাৱে শেষকৃত্য সম্পন্ন কৰা হয় ৷