NORTHEAST NOW (Assamese)
অসম

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত বিধ্বংসী অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত

Posted by: এন ই নাও নিউজ April 24, 2018 8:22 pm
অগ্নি সংযোগ

পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে উক্ত অগ্নিকাণ্ডৰ জুইত অঞ্চলটোৰ ১০খন ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি ভস্মিভূত হয়।

আনহাতে অগ্নিকাণ্ডটোত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখা যায়।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে খবৰ দিয়াত পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে বহু দোকান-পোহাৰ জুইত জাহ যায়।

অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে ই সংঘটিত হ’ল বুলি সন্দেহ কৰা হৈছে।