NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ শান্তিপুৰত ৪ বছৰীয়া শিশুক ধৰ্ষণ : এজনক আটক

Posted by: এন ই নাও নিউজ April 24, 2018 8:04 pm
ধৰ্ষণকাৰী

ৰাজ্যখনত সৰ্বত্ৰে এতিয়া কেৱল ধৰ্ষণ। ৰাজ্যখনৰ কোনো ঠাইতে সুৰক্ষিত নহয় মহিলা, যুৱতী, নাবালিকা তথা কিশোৰী। এই কথাকে প্ৰমাণ কৰি মঙলবাৰে গুৱাহাটী মহানগৰীৰ শান্তিপুৰত এটি ৪ বছৰীয়া শিশু ধৰ্ষণৰ বলি হয়।

প্ৰাপ্ত তথ্য মতে এই ঘটনা সংঘটিত হয় মঙলবাৰৰ পুৱা প্ৰায় ১০ বজাত। জানিব পৰা মতে ৪ বছৰীয়া শিশুটিয়ে খেলি থকা অৱস্থাতে ছবিৰ আহমেদ নামৰ এটা নৰাধমে শিশুটিক এটা ৰুমৰ ভিতৰলৈ নি ধৰ্ষণ কৰে।

ইফালে শিশুটিৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে শিশুটিক নৰাধমটোৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে পলাবলৈ লোৱা নৰাধম তথা ধৰ্ষণকাৰী ছবিৰ আহমেদক স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰি শিশুটিৰ পিতৃৰ অভিযোগত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে শিশুটিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।