NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক বাতিল হোৱাৰ আনন্দত কলিয়াবৰত আছুৰ বিজয় উল্লাস

Posted by: ৰিদিপ শৰ্মা February 14, 2019 7:07 am
AASU celebrates

১৩ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত বিধেয়কখনৰ এক প্ৰকাৰ অস্বাভাৱিক মৃত্যু হোৱা পৰিলক্ষিত হয়। বিধেয়ক বাতিলৰ সুখবৰ পোৱা মাত্ৰকে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কলিয়াবৰতো আছুৰ সদস্যই বিজয় উৎসৱ পালন কৰে।

বিধেয়ক বাতিলৰ আনন্দত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মণি মাধৱ মহন্তৰ উপস্থিতিত ছাত্ৰ সন্থাৰ সদস্য সকলে আঁতচবাজিৰে আনন্দ উল্লাস কৰাৰ লগতে বিজেপি গ’ বেক, সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী হুচিয়াৰ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

এই বিজয় উৎসৱ পালন অনুষ্ঠানত কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে অঞ্চলটোৰ বহুতো সচেতন লোকে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই সমগ্ৰ ৰাজ্যৰ লগতে নতুন দিল্লীতো উক্ত বিধেয়কখন বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত কৰি আহিছিল।