NORTHEAST NOW (Assamese)
অসম

বিধেয়কপন্থী সোণোৱাল-হিমন্তৰ পদত্যাগ দাবী, নিৰ্বাচনত নমাৰ ইংগিত উপমন্যু হাজৰিকাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 14, 2019 4:37 pm
Assam CM Sonowal, minister Himanta should resign: Upamanyu Hazarika

উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ পিছতো নাগৰিকত্ব বিধেয়কৰ পক্ষত সৰৱ হৈ অহা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চই৷

মঞ্চৰ নেতা উপমন্যু হাজৰিকাই বৃহস্পতিবাৰে বোকাখাতত সাংবাদিকক কয় যে সোণোৱাল-হিমন্তই “নৈতিক দায়িত্ব” স্বীকাৰ কৰিয়ে পদত্যাগ কৰা উচিত।

“বিধেয়কখনে অসমৰ খিলঞ্জীয়াক নিৰাপত্তা প্ৰদান কৰিব বুলি কৈ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ বিধেয়কখনৰ সপক্ষে নেতৃত্ব দিছিল৷ ৰাজ্যসভাত বিধেয়কখন উত্থাপিত নোহোৱাৰ পাছত তেওঁলোকৰ যুক্তিতেই অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব এতিয়া বিপন্ন হ’ব, গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰিয়ে সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে,” হাজৰিকাৰ মন্তব্য।

ইফালে অসমত বিজেপিৰ আগ্ৰাসন প্ৰতিৰোধ আৰু খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত মঞ্চই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ইংগিতো দিয়ে তেওঁ৷

“১৩ ফেব্ৰুৱাৰিত যোৰহাটত বহা মঞ্চৰ বৈঠকত এই কথাই (নিৰ্বাচনত অৱতীৰ্ণ হোৱা-নোহোৱা) আলোচনা কৰা হৈছে,” সাংবাদিকক হাজৰিকাই জনায়৷

অৱশ্যে তেওঁ কয় যে এই সম্পৰ্কত পৰৱৰ্তী সময়তহে আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাজৰিকাই যোৱা কিছুবছৰ ধৰি অসমৰ খিলঞ্জীয়াৰ অধিকাৰৰ হকে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰি আহিছে।

বিধেয়ক বিৰোধিতাকে ধৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন কৰা, শুদ্ধ এন আৰ চি প্ৰস্তুত আৰু খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকবচ সন্দৰ্ভত অসমৰ বিভিন্ন ঠাইত তেওঁ ৰাইজৰ মাজত ইতিমধ্যে কেইবালাখো গোহাৰি বিতৰণ কৰিছে।