NORTHEAST NOW (Assamese)
অসম

Video|| পানী নোলাওঁতেই ৰক্তাক্ত উত্তৰ গুৱাহাটীৰ জাইকা জলযোগান প্ৰকল্প

Posted by: মৃদুল প্ৰীতম ডেকা February 14, 2019 3:50 pm
Accident in Jica water supply project in Guwahati, One worker dies

গুৱাহাটীবাসীৰ বহু প্ৰত্যাশিত ২৪ ঘণ্টীয়া ৰাজহুৱা পানী যোগান আৰম্ভ নৌহওঁতেই ৰক্তাক্ত হৈ পৰিছে উত্তৰপাৰত নিৰ্মীয়মান জাইকা (Japan International Cooperation Agency) অধীন প্ৰকল্পটো।

অশ্বক্লান্ত দেৱালয়ৰ সমীপৰ প্ৰকল্পটোত কৰ্মৰত অৱস্থাতে বৃহস্পতিবাৰে গধূৰ প্লে’টত পিষ্ট হৈ থিতাতে মৃত্যুমুখত পৰিছে ইন্দ্ৰেশ নামৰ এজন শ্ৰমিক। গুৰুতৰভাৱে আহত হৈছে তেওঁৰ আন এজন সতীৰ্থ।

নিহত ইন্দ্ৰেশৰ ঘৰ উত্তৰ প্ৰদেশত।

জানিব পৰা মতে “হাইড্ৰা” বাহনেৰে প্ৰকল্পটোৰ দাঙি থকা অৱস্থাত অতি গধূৰ প্লে’ট শ্ৰমিক দুজনৰ গাত বাগৰি পৰে।

জাইকাৰ অধীনত উত্তৰ গুৱাহাটীৰ লগতে দক্ষিণ মধ্য গুৱাহাটীতো এটা প্ৰকল্পৰ কাম চলি আছে।

লগতে পঢ়ক– গুৱাহাটীত ২৪ ঘণ্টাই খোৱা পানী, সাজু জল ব’ৰ্ড

জাইকাৰ দুটাৰ লগতে দক্ষিণ পশ্চিম গুৱাহাটীৰ বাবে JnNURMৰ অধীনত পাণ্ডুৰ সদিলাপুৰত এটা আৰু এছিয়ান ডিভেলপমেণ্ট বেংকৰ অধীনত দক্ষিণ পূব গুৱাহাটীত পানী যোগানৰ বাবে নুনমাটিত এটা প্ৰকল্পৰ নিৰ্মাণ চলি আছে।

জি এম ডি এ’ই চোৱা-চিতা কৰি থকা নিৰ্মীয়মান চাৰিওটা প্ৰকল্পৰে কাম সম্পূৰ্ণ হোৱাৰ পিছতে পানী যোগান আৰু মল নিষ্কাষণৰ সমগ্ৰ প্ৰক্ৰিয়া পৰিচালনাৰ ভাৰ ন্যস্ত হ’ব জল ব’ৰ্দৰ হাতত।