শিৱসাগৰত জংঘলৰ মাজৰ চুলাইৰ ঘাটি উচ্ছেদ আৰক্ষী আৰু অবকাৰী বিভাগৰ; বহু হাজাৰ লিটাৰ চুলাই ধ্বংস

শিৱসাগৰ জিলা অবকাৰী বিভাগ আৰু শিৱসাগৰ আৰক্ষীৰ যৌথ অভিযানত মগৰাহাট আৰু মাহী গাঁৱত বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ জব্দ কৰা হৈছে। জিলাখনৰ নামদাং নদীৰ পাৰৰ অতি দুৰ্গম তথা ভিতৰুৱা ঠাইত অবৈধভাৱে চুলাই মদ প্ৰস্তুত কৰাৰ তথ্য লাভ কৰি অবকাৰী বিভাগৰ পৰিদৰ্শক অৰুণজ্যোতি ভৰালী আৰু ডি এছ পি জেমচ এ চংগাঠিৰ নেতৃত্বত এটা বৃহৎ দলে এই অভিযানটো চলাইছিল।
অভিযানৰ সময়ত নামদাং নদীৰ পাৰৰ জংগলৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত প্ৰায় ৪০০০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰে। লগতে চুলাই বনোৱা সা-সৰঞ্জাম জব্দ কৰাৰ লগতে বহু কেইটা চুলাই মদ বনোৱা ঘাটি উচ্ছেদ কৰা হয়।
জব্দ কৰা চুলাই মদখিনি পেলাই নষ্ট কৰে আৰক্ষীয়ে।
ইপিনে দলটোৱে আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত তথা শিৱসাগৰ অবকাৰী বিভাগৰ অন্তৰ্গত মাহীগাৱঁতো অভিযান চলাই ৪০ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰাৰ লগতে প্ৰস্তুত কৰি থকা প্ৰায় এহেজাৰ লিটাৰ অবৈধ সুৰা পেলাই নষ্ট কৰি দিয়ে।
বাহৰ সাঁকো আৰু নাৱেৰে অতি বিপজ্জনকভাৱে নদী পাৰ হৈ অবৈধ চুলাই মদ বনোৱা ঘাটি উচ্ছেদ কৰাত স্থানীয় ৰাইজে অবকাৰী বিভাগ আৰু আৰক্ষী বিভাগক প্ৰশংসা কৰিছে।