NORTHEAST NOW (Assamese)
অসম

আছাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ফাল্গুনী বৰ্মনৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ January 12, 2018 10:12 pm
Chief Minister Sarbananda Sonowal

আছাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক ফাল্গুনী  বৰ্মনৰ আজি হায়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মত্যু হয়। জানিব পৰা মতে জ্যেষ্ঠ উপ-সম্পাদক গৰাকীয়ে আজি কিছু দিন ধৰি জণ্ডিচ ৰোগত আক্ৰান্ত হৈ বিভিন্ন ঠাইৰ চিকিৎসালয়ত চিকিৎসা কৰাই আছিল। আনহাতে জ্যেষ্ঠ উপ-সম্পাদক গৰাকীৰ মত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক প্ৰেছ বিবৃতিৰ জৰিয়তে শোক প্ৰকাশ কৰে। শোকবাৰ্তাটোত মুখ্য মন্ত্ৰী গৰাকীয়ে জ্যেষ্ঠ উপ-সম্পাদক ফাল্গুনী  বৰ্মনে সংবাদ সেৱাৰ সামগ্ৰীক দিশটোলৈ বহুমূলীয়া অৱদান আগবহুৱাৰ লগতে তেওঁৰ মৃত্যুয়ে সংবাদ জগতত এক অপূৰণীয় ক্ষতি কৰিলে বুলি উল্লেখ কৰে। মুখ্য মন্ত্ৰী গৰাকীয়ে বিশিষ্ট সংবাদ কৰ্মী গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।