NORTHEAST NOW (Assamese)
অসম

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কলিতা জনগোষ্ঠী সন্মিলনৰ

Posted by: ফাৰহানা আহমেদ February 18, 2019 7:05 pm

ৰাজ্যৰ ৬টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰে কলিতা জনগোষ্ঠী সন্মিলনে। আজি লখিমপুৰৰ নাৰায়নপুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে এই কথা ব্যক্ত কৰে।

কলিতা জনগোষ্ঠী সন্মিলনৰ লখিমপুৰ সমিতিৰ সভাপতি চন্দ্ৰ নাথ শইকীয়াই পৌৰোহিত্য কৰা এই সভাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কলিতা জনগোষ্ঠীক সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক তথা ভূমিৰ অধিকাৰ আদিৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে অৱহেলা কৰি আহিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

সভাত বক্তাসকলে আক্ষেপ প্ৰকাশ কৰি কয় যে ৰাজ্যৰ আটাইতকৈ বৃহৎ জনগোষ্ঠী হোৱাৰ সত্ত্বেও কলিতাসকলৰ সৈতে কোনোদিনেই পৃথক ৰাজ্য, স্বায়ত্ত শাষিত পৰিষদ আদি গঠন কৰাৰ সময়ত বা শেহতীয়াকৈ কেতবোৰ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত আলোচনা কৰা হোৱা নাই।

সভাই সেয়ে কলিতাসকলক উচ্চ-শিক্ষা, চাকৰি বা ব্যৱসায় আদিত বঞ্চিত কৰাৰ লগতে তেওঁলোকৰ বিভিন্ন অধিকাৰ কাঢ়ি নি অসমৰ এই ভূমিপুত্ৰসকলৰ অস্তিত্ব নিঃশেষ কৰি দিব খোজা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পোষকতা কৰে।

আজিৰ সভাত নাৰায়নপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গিৰীশ ভূঞা, নাৰায়নপুৰ জ্যেষ্ঠ নাগৰিক সমাজৰ সম্পাদক বীৰেন শৰ্মা আৰু কমলানন্দ দত্তই ভাষণ দিয়ে।