NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ কৃষ্ণাইত গণ সংক্ৰমণৰ আশংকা; আশুডুবীক কনটেইনমেণ্ট জ’ন ঘোষণা

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা June 14, 2020 5:25 pm

ক’ৰ’না আক্ৰান্ত তালিকাত নাম সোমাল গোৱালপাৰাৰ কৃষ্ণাইৰ। সামাজিক সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে কৃষ্ণাইবাসী।

শনিবাৰে নিশা জিলা খনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আশুডুবীৰ ক্ষুদ্ৰ ব্যৱসায়ী দুলাল সাহা ক’ভিড-১৯ আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰে।

কোনো ধৰনৰ ভ্ৰমণ পৰিক্ৰমা নথকা দুলাল সাহা ক’ভিড-১৯ত আক্ৰান্ত হোৱা খবৰে অঞ্চলটোত সামাজিক সংক্ৰমণৰ ইংগিত বহন কৰা বুলি বহুলোকে মন্তব্য কৰিছে৷

জানিব পৰা মতে কেন্সাৰ ৰোগত আক্ৰান্ত আশুডুবীৰ দুলাল সাহাই এসপ্তাহ পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোৱাৰ সময়তে স্বাৱ পৰীক্ষা কৰিছিল আৰু শনিবাৰে নিশা স্বাস্থ্য বিভাগে দুলাল সাহাক পজিটিভ বুলি ঘোষণা কৰে।

স্বাস্থ্য বিভাগে ইতিমধ্যে দুলাল সাহাৰ গাঁওখনৰ লগতে আশুডুবীৰ অঞ্চলৰ উত্তৰ দিশে ৩৭ নং ৰাষ্ট্ৰীয় পথ, দক্ষিণে আশুডুবী বেটবাৰী পইন্ট, পশ্চিমে কৃষ্ণাই কৃষি পাম আৰু পূবে কৃষ্ণাই নৈক সামৰি এক বৃহৎ অঞলক কনটেইনমেন্ট জ’ন হিচাপে ঘোষনা কৰিছে।

প্ৰশাসনে অঞ্চলটোৰ দোকান-পোহাৰ বন্ধ কৰি দিয়াৰ লগতে সাধাৰণ লোকৰ বাবে যাতায়াত সম্পূৰ্ণ বন্ধ কৰি দিয়ে।

ইফালে দুলাল সাহাক গুৱাহাটীলৈ যোৱা গাড়ী খনৰ চালকৰ পৰিয়ালৰ লগতে দুলাল সাহাৰ পৰিয়ালৰ মুঠ ১৩ জন সদস্যক হোম কোৱাৰেন্টাইন কৰিছে জিলা প্ৰশাসনে।

অভিযোগ উঠা মতে দুলাল সাহাৰ সম্পৰ্কীয় একাংশ লোকে আজি ৰাতিপুৱালৈকে কৃষ্ণাই বজাৰৰ বিভিন্ন দোকান-পোহাৰত বজাৰ সমাৰ কৰি থকা বহুতে প্ৰত্যক্ষ কৰিছে।

অতি চিন্তনীয় বিষয় এইটোৱেই যে ক’ভিড-১৯ত এজন লোক আক্ৰান্ত হোৱাৰ পিছতো অঞলটোৰ বহুলোকে এতিয়াও কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই।

আনহাতে দুলাল সাহাৰ সংস্পৰ্শলৈ অহা লোকসকলক শীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা খনত গণ সংক্ৰমণ আৰম্ভ হ’ব বুলি বহুতেই আশংকা ব্যক্ত কৰিছে।