NORTHEAST NOW (Assamese)
অসম

চামগুৰিত মহিলাক ধন দাবী কৰা ভুৱা উগ্ৰপন্থীক গ্ৰেপ্তাৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা November 29, 2019 9:04 pm
5add6794-4e91-46f3-bffd-d6d0fe442436

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদলত আজি দুপৰীয়া আৰক্ষীৰ অভিযানত এটা ভুৱা উগ্ৰপন্থীক কৰায়ত্ব কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি বৰদলৰ চামেল তিৰ্কী (২৯) নামৰ যুৱকজনক আজি পুৱতিনিশা চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন পি মাৰাকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বৰদলত অভিযান চলাই কৰায়ত্ব কৰে।

বিগত সময়ত একে গাঁৱৰে দিপীকা কেটকেটা নামৰ মহিলা গৰাকীক ৭৬৩৫৯৬০৮৯০ নম্বৰ মোবাইলেৰে এছ এম এছ কৰি পঞ্চাশ হাজাৰ টকা ধন দাবী কৰিছিল চামেল তিৰ্কীয়ে।

ধন দাবীৰ সময়ত চামেল তিৰ্কীয়ে নিজকে কাৰ্বি উগ্ৰপন্থীৰ মুখ্য সেনাধ্যক্ষ বুলি উল্লেখ কৰি ২৮ নৱেম্বৰৰ ভিতৰত পঞ্চাশ হাজাৰ টকা দিবলৈ কৈছিল। কিন্তু ধন দাবী কৰাৰ দিনাই অথাৎ ২৬ নৱেম্বৰৰ নিশা দিপীকা কেটকেটায়ে উক্ত মোবাইল ফোনৰ গৰাকীৰ বিৰুদ্ধে চামগুৰি থানাত এজাহাৰ দাখিল কৰে।

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষীয়ে উক্ত বিষয়ত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি আজি অভিযানত বৰদলস্থিত ঘৰৰ পৰা চামেলক কৰায়ত্ব কৰাৰ উপৰি উক্ত মোবাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে চামগুৰি আৰক্ষীয়ে ৬১৮/১৯ নং গোচৰত ভাৰতীয় দণ্ড বিধি আইন অনুসৰি ৫০৭/৩৮৭/৫০৬ আই পি চি ধাৰা মৰ্মে চামেল তিৰ্কীক জেইল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ।