NORTHEAST NOW (Assamese)
অসম

ভাৰত বন্ধৰ প্ৰভাৱ দেখা গ’ল শিৱসাগৰত; চহিদৰ প্ৰতি শ্ৰদ্ধা জনাই বন্ধ ৰাখিলে ব্যৱসায়ীক প্ৰতিষ্ঠান

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 18, 2019 6:07 pm
Sivasagar Bandh

১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণত চহিদ হোৱা চি আৰ পি এফৰ জোৱানক শ্ৰদ্ধা জনাই সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আজি আহ্বান জনোৱা ২৪ ঘন্টীয়া ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে শিৱসাগৰত।

ভাৰত ব্যৱসায়ী সন্থাই আহ্বান জনোৱা এই বন্ধৰ সময়ছোৱাত শিৱসাগৰ চহৰৰ সকলো দোকান-পোহাৰ সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা গ’ল। আজিৰ এই বন্ধত অসম চেম্বাৰ্চ অব কমাৰ্চেও পূৰ্ণ সহযোগিতা আগবঢ়াইছে।

বন্ধৰ সময়ছোৱাত চহৰখনত ব্যক্তিগত যান-বাহনৰ বাহিৰে ব্যৱসায়ীক যান-বাহনৰ চলাচল বন্ধ থাকে। তদুপৰি চৰকাৰী কাৰ্যালয়, স্কুল-কলেজ খোলা আছিল যদিও কৰ্মচাৰী বা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা দেখা যায়।

উল্লেখ্য যে পুলৱামাৰ আত্মঘাটী বোমা বিস্ফোৰণত চহিদ হোৱা ৪৪ গৰাকী জোৱানৰ প্ৰতি সন্মান জনোৱাৰ লগতে উক্ত ঘটনাত জড়িত লোকসকলক শীঘ্ৰে শাস্তি প্ৰদানৰ দাবী জনাই আজি এই বন্ধৰ আহ্বান জনাইছিল ভাৰত ব্যৱসায়ী সন্থাই।