NORTHEAST NOW (Assamese)
অসম

ভূমি সংৰক্ষণ বিভাগত আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া : মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম

Posted by: এন ই নাও নিউজ February 19, 2019 7:43 am
Pramila-680x365

বৰপেটাৰ ভূমি সংৰক্ষণ বিভাগৰ কাৰ্যালয়ত সোমবাৰে আকস্মিকভাৱে উপস্থিত হোৱা ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বিভাগটোত অচিৰেই খালী হৈ থকা পদৰ বিপৰীতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে বিভাগটোৰ কামকাজৰ পৰ্যালোচনা কৰাৰ পাছত এইদৰে মন্তব্য কৰাৰ লগতে বিভাগটোত বহু সংখ্যক পদ খালী হৈ থকাৰ কথাও সদৰী কৰে।

তেওঁ লগতে বিভাগটোত খালী হৈ থকা পদসমূহৰ তালিকা প্ৰস্তুত কৰাৰ লগতে নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিবৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়াৰ কথাও জানিবলৈ দিয়ে।

আনহাতে, তৈল খাদৰ নিলাম সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ব্ৰহ্মই ইয়াৰ সৈতে অসমৰ আৱেগ জড়িত হৈ আছে বুলি মন্তব্য কৰে।তেওঁ কয়, ‘‘তৈল খাদৰ সৈতে আমাৰ আৱেগ জড়িত হৈ আছে, গতিকে প্ৰতিবাদ হ’বই আৰু নিবিচৰাটোৰ প্ৰতিবাদ কৰিবই লাগিব।‘’

ইপিনে,কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী কোন হ’ব সেই সম্পৰ্কত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কয় যে সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী কোন হ’ব সেই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই, গতিকেই কোকৰাঝাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী কোন হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।