NORTHEAST NOW (Assamese)
অসম

ওদালগুৰি জিলাৰ দ্বিতীয়টো যোগকেন্দ্ৰ মুকলি কৰিলে বিধায়ক চৰণ বড়োৱে

Posted by: চাজিদ খান January 13, 2018 5:39 pm

ওদালগুৰি জিলাৰ মুঠ তিনিটা যোগকেন্দ্ৰৰ দ্বিতীয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মাজবাটৰ বিধায়ক চৰণ বড়োৱে। এই কথা জনাইছে জিলাখনৰ আয়ুষ ন’ডেল বিষয়া ডাঃ ৰবীন ডেকাই। ইতিপূৰ্বে জিলাখনৰ প্ৰথমটো যোগকেন্দ্ৰ ওদালগুৰিত স্থাপন কৰা হৈছে আৰু ইয়াত যোগৰ অনুশীলন শিকাই থকা হৈছে।

আজি কেন্দ্ৰটো মুকলি কৰি বিধায়ক চৰণ বড়োৱে ৰাজ্য চৰকাৰৰ সৰ্বসাধাৰণ লোকৰ জীৱন দীৰ্ঘায়িত আৰু সুখী কৰাৰ বাবে ভাৰতৰ এই প্ৰাচীন স্বাস্থ্য চৰ্চা প্ৰথাটোক পুনৰ মানুহৰ মাজলৈ আনিবলৈ কৰা প্ৰচেষ্টাৰ শলাগ লয়।

আয়ুষৰ জিলা নডেল বিষয়া ডাঃ ৰবীন ডেকাই জীৱনত যোগ আৰু প্ৰাণায়ামৰ গুৰুত্বৰ বিষয়ে উপস্থিত সকলৰ আগত ব্যাখ্যা কৰে। উদ্বোধনী অনুষ্ঠানটোত মাজবাটৰ ৰাজহ চক্ৰ বিষয়া ধৃতি কুমাৰ দাস, মাজবাটৰ এন এইচ্ছ এমৰ খণ্ড প্ৰকল্প বিষয়া পংকজ সভাপণ্ডিতৰ লগতে আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানটোত সভাপতিত্ব কৰিছিল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ এ ৰাভাই।

সূত্ৰটোৱে জনোৱা মতে যোগ বিশেষজ্ঞ কুমুদ হালৈ আৰু সুলেখা বসুমতাৰীক কেন্দ্ৰটোত যোগাভ্যাস শিকোৱাৰ দায়িত্ব দিয়া হৈছে।

আনহাতে তৃতীয়টো যোগকেন্দ্ৰ ভেৰাগাৱঁত স্থাপন কৰা হ’ব আৰু এইটো মাঘবিহুৰ পিছতে মুকলি কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা ১৯ ডিচেম্বৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে চৰকাৰৰ নতুনকৈ লোৱা যোগ প্ৰকল্পৰ অধীনত সমগ্ৰ ৰাজ্যৰ ৩৩ খন জিলাত মুঠ ১০০ টা যোগকেন্দ্ৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। ওদালগুৰি জিলাত মুঠ তিনিটা এনে কেন্দ্ৰৰ অনুমোদন দিয়া হৈছে।