NORTHEAST NOW (Assamese)
অসম

হাতীদণ্ডীত বনোৱা দেৱাল ভাঙি পেলাবলৈ এসপ্তাহ সময় দি জৰুৰী নিৰ্দেশ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষলৈ

Posted by: এন ই নাও নিউজ February 19, 2019 4:12 pm
Elephant Corridor

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ইয়াৰ উপ-নগৰী (টাউনশ্বিপ)ৰ পৰিসৰ বৃদ্ধিৰ অংশ হিচাপে নিৰ্মাণ কৰা এখন প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী ৱাল এসপ্তাহৰ ভিতৰত ভাঙি পেলাবলৈ জৰুৰী নিৰ্দেশ দিছে গোলাঘাট প্ৰশাসনে।

গোলাঘাট জিলা উপায়ুক্তৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশটো হাতী অহা-যোৱা কৰা পথত নিৰ্মাণ কৰা এই ৱালখন ভাঙিবলৈ দিয়া ন্যায়ালয়ৰ এটা নিৰ্দেশ কাৰ্য্যকৰী কৰণৰ পদক্ষেপ।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ এটা নিৰ্দেশ ৰদ কৰিবলৈ ৰিফাইনেৰিয়ে জনোৱা আৱেদন যোৱা ১৯ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল। তাৰ পিছতে ৱালখন ভাঙি পেলোৱাটো নিশ্চিত হয় আৰু গোলাঘাট প্ৰশাসনে ১৪ ফেব্ৰুৱাৰিত এসপ্তাহ সময় ধৰি দি এটা জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰে ৰিফাইনেৰি কৰ্তৃপক্ষলৈ।

এই ৱালখন হাতীদণ্ডীত বনোৱা দেৱাল ভাঙি পেলাবলৈ এসপ্তাহ সময় দি জৰুৰী নিৰ্দেশ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষলৈ। পত্ৰখন ৰিফাইনেৰি কৰ্তৃপক্ষৰ মুখ্য মহাপ্ৰবন্ধকলৈ সম্বোধন কৰাৰ উপৰি ইয়াৰ এটা প্ৰতিলিপি বোকাখাত মহকুমাৰ মহকুমাধিপতি (এছ ডি অ’)লৈ প্ৰেৰণ কৰা হয়।

নিৰ্দেশনাটোত “সম্পূৰ্ণ ৱালখন” ভাঙিবলৈ কোৱাৰ লগতে ইয়াৰ বাবে দখল কৰা মাটিখিনিত যিকোনো বেৰাৰ পৰা মুক্ত ৰাখিবলৈ কোৱা হৈছে, যাতে হাতীবোৰ অহা-যোৱা কৰোঁতে কোনো অসুবিধা নাপায়।

বিষয়টো “জৰুৰী” বুলি বিবেচনা কৰিবলৈও পত্ৰখনত কোৱা হয়।