NORTHEAST NOW (Assamese)
অসম

পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান লৌহ মানৱী ইৰম শ্বৰ্মিলাৰ

Posted by: এন ই নাও নিউজ February 19, 2019 9:36 pm
'Iron Lady' of Manipur Irom Sharmila slams Modi Govt, asks people to Vote for Change

মোদী চৰকাৰৰ “সৰ্ব নিয়ন্ত্ৰাৰ” ভূমিকাত বিতুষ্টি প্ৰকাশ কৰি পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ ৰাইজক আহ্বান জনাইছে আফস্পাৰ বিৰুদ্ধে ১৬ বছৰীয়া নিৰৱচ্ছিন্ন অনশনেৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা মণিপুৰৰ লৌহ মানৱী ইৰম শ্বৰ্মিলাই।

“তেওঁলোকে (মোদী চৰকাৰ) তেওঁলোকৰ বিশ্বাস আৰু ব্যৱস্থা অনুসৰি সৰ্বস্ব নিয়ন্ত্ৰণ কৰিব খুজিছে। এই সন্ধিক্ষণত বিকল্প শক্তি এটা অনাটো সহজ নহ’ব। ভোটাৰসকল আগবাঢ়ি আহিব লাগিব আৰু পৰিৱৰ্তন আনিব লাগিব,” শ্বৰ্মিলাৰ এই উদ্ধৃতি এন দি টিভি-ৰ।

মণিপুৰৰ যোৱা বিধান সভা নিৰ্বাচনত তদানীন্তন কংগ্ৰেছ মুখ্য মন্ত্ৰী অ’ক্ৰাম ইববি সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা শ্বৰ্মিলাই মোদী চৰকাৰৰ আমোলত গণতন্ত্ৰ “কেৱল নামতহে আছে” বুলিও ক্ষোভ প্ৰকাশ কৰিছে।

নাগৰিকত্ব বিধেয়ক সংসদত উত্থাপনৰ পূৰ্বে এন ডি এ’ চৰকাৰে উত্তৰ-পূবৰ ৰাইজৰ সাৰ্বজনীন (popular) আৱেগৰ বিবেচনা নকৰাক লৈয়ো সৰৱ হৈ পৰিছে শ্বৰ্মিলা।

“আপোনালোকে (চৰকাৰ) এই অঞ্চলসমূহত বাস কৰা কোটি কোটি মানুহৰ আৱেগ অনুধাৱন কৰিব আৰু এই সিদ্ধান্ত লোৱাৰ আগতে বাস্তৱ পৰিস্থিতি বিশ্লেষণ কৰিব লাগিছিল,” শ্বৰ্মিলাৰ মত। “গণতান্ত্ৰিক নেতাসকল ৰাইজৰ সেৱক, নিয়ন্ত্ৰক নহয়। নীতিগত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে তেওঁলোকে ৰাইজৰ মতক শ্ৰদ্ধা জনাব লাগে।”

সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নাকচ কৰিছে লৌহ মানৱীয়ে, “ৰাজনীতি মোৰ বাবে সহজ নহয় (cup of tea)”।

থাওবাল সমষ্টিত ’১৭ৰ মণিপুৰ বিধান সভা নিৰ্বাচনত তিনিবাৰৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি শ্বৰ্মিলাই মুঠ ২৭,২৭১টা ভোটৰ ভিতৰত মাত্ৰ ৯০টাহে পাবলৈ সক্ষম হৈছিল।

অনশন প্ৰত্যাহাৰ কৰাৰ পিছত ২০১৬ চনত তেওঁ পি আৰ জে এ’ (People’s Resurgence and Justice Alliance) নামৰ ৰাজনৈতিক দল এটা গঠন কৰিছিল।