NORTHEAST NOW (Assamese)
অসম

এতোলা সোণৰ আঁচনিয়ে কমাব তালাক, বিবাহ বিচ্ছেদ: ব্যাখ্যা হিমন্ত বিশ্বৰ

Posted by: অনুপ শৰ্মা February 19, 2019 10:18 pm
One ‘tola’ Gold scheme will reduce Talaq, divorce: Himanta Biswa

কইনাক এতোলা সোণ দিয়াৰ আশ্বাসেৰে অসম চৰকাৰৰ শেহতীয়া বাজেটত ঘোষণা কৰা অৰুন্ধতী আঁচনিয়ে ৰাজ্যত হ্ৰাস কৰিব তালাক আৰু বিবাহ বিচ্ছেদ, দাবী হিমন্ত বিশ্ব শৰ্মাৰ।

মঙলবাৰে ইয়াৰ ব্যাখ্যা আগবঢ়াই ৰাজ্যৰ বিত্ত মন্ত্ৰীজনে কয় যে এতোলা সোণ পোৱাৰ বাবে কৰিব লাগিব বিবাহৰ পঞ্জীয়ন আৰু ইয়াৰ ফলতে কমিব তালাক বা বিচ্ছেদ।

“হিন্দুৱে হওক মুছলমানেই হওক, আঁচনিখনৰ সুবিধা পাবলৈ বিবাহ পঞ্জীয়ন কৰিব লাগিব। যেতিয়া এখন বিয়া পঞ্জীকৃত হ’ব, তেতিয়া কাৰোবাৰ বাবে ‘তালাক, তালাক, তালাক’ কৈ বিচ্ছেদ কৰাতো সম্ভৱ নহ’ব। কোনোবাই বিচ্ছেদ বিচাৰিলে তেওঁ আনুষ্ঠানিক ৰাস্তা ল’ব লাগিব যাৰ বাবে কইনাক ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজন হ’ব,” মন্ত্ৰী শৰ্মাৰ ব্যখ্যা।

তাৰোপৰি মন্ত্ৰীগৰাকীৰ মতে মন্দিৰত হোৱা অনানুষ্ঠানিক বিয়াৰ ক্ষেত্ৰত বিচ্ছেদত দেখা দিয়া সমস্যাৰো ই সমাধান কৰিব।

“কেতিয়াবা সমস্যা হ’লে, দৰাই কইনাক ভাবুকি দিয়ে আৰু বিয়াৰ প্ৰমাণ দেখুৱাবলৈ কয়। এতিয়া অৰুন্ধতীয়ে বিবাহ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ ফলত কোনেও সেই সুবিধা ল’ব নোৱাৰিব, কাৰণ বিয়া পঞ্জীয়নৰ প্ৰমাণ থাকিব আৰু আইনী মেৰপেচ আৰু ক্ষতিপূৰণৰ ভয়ত বিচ্ছেদ জটিল হ’ব,” মন্তব্য শৰ্মাৰ।

বিয়াত সোণ দিয়াটোৱে নিষিদ্ধ “যৌতুক প্ৰথা”ক উৎসাহ দি্যা বুলি ঘোষণাৰ পিছতে সমালোচিত হৈছিল আঁচনিখন।