NORTHEAST NOW (Assamese)
অসম

সন্মানৰ নামত চূড়ান্ত অপমান! বৰপেটাত মহাবীৰ চিলাৰায়ৰ ফটোৰে ডাষ্টবিন নিৰ্মাণ

Posted by: পুলেন্দ্ৰ দাস February 20, 2019 3:43 pm
Chilaray's dustbin

১৯ ফেব্ৰুৱাৰি অৰ্থাৎ মঙলবাৰে ৰাজ্যজুৰি মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জয়ন্তী উদযাপন কৰাৰ ঠিক এদিন পাছতেই বৰপেটাত বীৰ পুৰুষজনৰ ফটো সম্বলিত বেনাৰেৰে ডাষ্টবিন বনোৱাক কেন্দ্ৰ কৰি জিলাখনৰ সচেতন মহলৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে আজি বৰেপটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচীতে এনেদৰে মহাবীৰজনৰ ফটো সম্বলিত বেনাৰেৰে ডাষ্টবিন বনোৱা পৰিলক্ষিত হয়।

ডাষ্টবিন বনোৱা বেনাৰখনত মহাবীৰ চিলাৰায়ৰ ফটো থকাৰ লগতে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেৰ নামো উল্লেখ আছে। কাৰ ভুলৰ বাবে মহাবীৰ চিলাৰায়ৰ ফটো সম্বলিত বেনাৰখনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হ’ল তাকলৈ বৰপেটাত চলিছে এতিয়া সৰৱ চৰ্চা।

ৰাজ্যবাসীয়ে মহাবীৰজনক স্মৰণ কৰাৰ এদিন পাছতেই এনেদৰে চূড়ান্তভাৱে অপমান কৰা কাৰ্য সহজভাৱে ল’ব পৰা নাই আৰু এই সমগ্ৰ বিষয়টো তদন্ত কৰি ইয়াৰ আঁৰত থকা ব্যক্তিক উচিত শাস্তি প্ৰদান কৰাৰো দাবী জনাইছে সচেতন ৰাইজে।