NORTHEAST NOW (Assamese)
অসম

Video|| গুৱাহাটীৰ কয়লা ডিপ’ত ভৰিত শিকলি বান্ধি ওৰে ৰাতি প্ৰহাৰ অসমীয়া ট্ৰাক চালকক

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 21, 2019 8:31 pm
Truck driver beaten at Guwahati coal depot

কয়লা ব্যৱসায়ত ছিন্দিকে’টৰ নৈমিত্তিক অভিযোগৰ মাজতে ৰাজধানী গুৱাহাটীৰ মাজমজিয়াতে ঘটিছে অসমৰ এজন ত্ৰাক চালকক ওৰে ৰাতি ভৰিত শিকলি বান্ধি প্ৰহাৰৰ এক ভয়ংকৰ ঘটনা।

অভিযোগমতে তপন বৰা নামৰ ত্ৰাক চালকজনক জনৈক ৰমেশ ৰায়ৰ কয়লা ডিপ’ত ৰায় আৰু অশোক নাথ নামৰ দুজন কয়লা ব্যৱসায়ীয়ে লগত ১০জন ভেৰণীয়া গুণ্ডা লৈ বুধবাৰে ওৰে ৰাতি প্ৰহাৰ কৰিছে।

আনকি বৃহস্পতিবাৰে পুৱা সাংবাদিক গৈ উপস্থিত হোৱাৰ পিছতহে আৰক্ষীয়ে যুৱকজনৰ ভৰিৰ পৰা শিকলি খুলি মুক্ত কৰে। ত্ৰাকচালকজনক ইমানেই বেয়াকৈ মাৰপিট কৰা হৈছিল যে ধৰি উঠাই দিয়াৰ পিছতো তেওঁ ঠিয় হৈ থাকিব পৰা অৱস্থাত নাছিল।

উদ্ধাৰ কৰাৰ লগে লগে আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পুৱা ঘটনাৰ খবৰ পাই আৰক্ষী আৰু সাংবাদিকৰ দল ডিপ’টোত উপস্থিত হোৱাৰ লগে লগেই ঘটনাথলীৰ পৰা অভিযুক্ত আটাইকেইজন লোক পলাই যায় বুলি “ভুক্তভোগী” বৰাই জানিবলৈ দিছে।

“আমি তদন্ত আৰম্ভ কৰিছো। ডিপ’টো ৰমেশ ৰাইৰ বুলি জানিব পাৰিছো। তদন্তৰ পিছতহে সবিশেষ পোহৰলৈ আহিব,” ঘটনাথলীত উপস্থিত আৰক্ষী বিষয়াই জনায়। জানিব পৰা মতে পূৰ্বেও অশোক নাথ আৰু ৰমেশ ৰায় গাড়ী নাম্বাৰ প্লে’ট সলনি আৰু গাড়ী চুৰি কৰি জে’ললৈ গৈছিল।

লিডুৰ খাৰছাঙৰ পৰা কয়লা ভৰ্তি ট্ৰাকখন চলাই আনিছিল যুৱকজনে।