NORTHEAST NOW (Assamese)
Popular Stories

চুলাই মদ খাই শালমৰা চাহ বাগিচাত ৪গৰাকীকৈ মহিলাৰ মৃত্যু; গোলাঘাটত চাঞ্চল্য

Posted by: ঋতুপল্লব শইকীয়া February 21, 2019 9:28 pm
Illegal liquor

গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চুলাই মদ খাই চাৰিগৰাকীকৈ মহিলাই মৃত্যুক সাবটিব লগীয়া হোৱা এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি সন্ধিয়াৰ ভাগত গোলাঘাটৰ শালমৰা চাহ বাগিচা অঞ্চলত চুলাই মদ খোৱাৰ পিছতে চাৰি গৰাকীকৈ মহিলা অসুস্থ হৈ পৰে। পিছত তেওঁলোকক গোলাঘাটৰ চহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

নিহত মহিলা কেইগৰাকীক দুৰ্পদী ওৰাং (৫০), বেল ভূমিজ (৫০), অগ্নি গুৱালা (৫৫), আৰু বান্ধৈ বাউৰী (৪৮) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে মদ বিক্ৰী কৰা সঞ্জু ওৰাং নামৰ ব্যক্তিজনক আটক কৰিছে যদিও তেওঁকো সংকটজনক অবস্হাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে উক্ত ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমান শালমৰা চাহ বাগিচাৰ  শ্ৰমিক সকল শংকিত হৈ পৰা দেখা গৈছে।