NORTHEAST NOW (Assamese)
অসম

সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 24, 2019 10:58 pm

ৰাজ্যৰ অন্যতম হাইপ্ৰফাইল সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰ্থাৎ ২৫ মাৰ্চত বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।

শনিবাৰে শিৱসাগৰত অনুষ্ঠিত এখন দলীয় সভাত অংশ লৈ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি সোণাৰী সমষ্টিৰ বিধায়ক তথা শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে কয়, ‘ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰজোঁটৰ  প্ৰাৰ্থী হিচাপে যোৰহাট লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হম’।

তেওঁ লগতে কয় এইবাৰ নিৰ্বাচনত বিজেপিৰ মূল ইচ্ছ্যু হব উন্নয়ন। ‘বিগত ৭০ টা বছৰত কংগ্ৰেছে যিমানখিনি উন্নয়ন কৰিব লাগিছিল কৰিব নোৱাৰিলে। কিন্তু ২০১৬ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন চৰকাৰখনে প্ৰতিটো স্তৰতে প্ৰতিটো বিভাগতে এতিয়া অসমত উন্নয়নৰ নমুনা দেখুৱাইছে।’

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, ‘কামাখ্যা প্ৰসাদ তাচা সাংসদ হিচাপে ব্যৰ্থ হোৱা নাই। তেখেতে সংসদৰ মজিয়াত যোৰহাট লোকসভা সমষ্টিৰ সমস্যাৰাজি উপস্থাপন কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লৈছে। তাৰ বাবে তেখেতক ধন্যবাদ জনালো।’