NORTHEAST NOW (Assamese)
অসম

অসম ক্ৰিকেটত অমানিশা! ক্ৰমে ছন্দপতনৰ দিশে অসমৰ ক্ৰিকেটাৰ  

Posted by: এন ই নাও নিউজ February 22, 2019 11:33 am
ranji-team

ৰঞ্জি ট্ৰফী, বিজয় হাজাৰেত অসম দলে শোচনীয় প্ৰদৰ্শন কৰাৰ পিছত এইবাৰ বিপৰ্যয় আৰম্ভ হৈছে ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ টুৰ্নামেণ্টত। ২১ ফেব্ৰুৱাৰিত কৰ্নাটকৰ বিৰুদ্ধে খেলা মেচখনত অসম ১৫ ৰানত পৰাস্ত হোৱাৰ পাছত এতিয়া এই শংকাই দেখা দিছে ক্ৰিকেট প্ৰেমীসকলৰ মাজত। মেচখনত অসমৰ পৰাজয়ৰ মূলতে আছিল বেটিং ব্যৰ্থতা।

কটকত অনুষ্ঠিত হোৱা মেচখনত অসমৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কোনো এজন বেটছমেনেই ক্ৰিজত দৃঢ়তা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে উইকেটকীপাৰ বেটছমেন ৱাছিকুৰ ৰহমান আৰু ৰেজেক উদ্দিন আহমেদে অৰ্ধশতকীয় ইনিংছ খেলি মেচখনত জয়ী হ’বলৈ চেষ্টা চলাই যদিও দুয়োৰে প্ৰয়াস অথলে যায়।

ৱাছিকুৰে ৪১টা বলত ৬২ ৰান কৰাৰ বিপৰীতে ৰেজেক উদ্দিনে ৩৪টা বলত ৫৩ ৰান কৰি অপৰাজিত হৈ থাকে।

উল্লেখ্য যে মেচখনত কৰ্নাটকে প্ৰথমে বেট ধৰি অধিনায়ক মনিষ পাণ্ডেৰ ৩৯টা বলত ৭৪, কৃষ্ণমূৰ্তি সিদ্ধাৰ্থৰ ২৭ আৰু বি আৰ শৰতৰ ১৫ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অ’ভাৰত ১৬৯ ৰান সংগ্ৰহ কৰে। অসমৰ আবু নেছিম আহমেদে ৩২ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে মুখতাৰ হুছেইন, ৰেজেক উদ্দিন আৰু ৰিয়ান পৰাগে এটাকৈ উইকেট পায়।

কৰ্নাটকে জয়ৰ বাবে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি অসম দলে ৬১ ৰানতে প্ৰাৰম্ভিক পৰ্যায়ৰ পাচঁজনকৈ বেটছমেনক হেৰুৱাই শলঠেকত পৰে। ইয়াৰ পাছতে ৱাছিকুৰ আৰু ৰেজেকৰ মাজত ষষ্ঠ উইকেটৰ যুটীত গুৰুত্বপূৰ্ণ ৬৩ ৰান যোগ হয় যদিও মেচখন জয়ী হ’বলৈ সেয়া পৰ্যাপ্ত নহ’ল।

ৰেজেক আৰু ৱাছিকুৰৰ অৰ্ধশতকীয় ইনিংছৰ উপৰি পল্লব দাসে ২৩ ৰান কৰিবলৈ সক্ষম হয়। আনহাতে আই পি এলত ৰাজস্থানৰ হৈ চুক্তিবদ্ধ হোৱা অসমৰ একমাত্ৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ প্ৰদৰ্শন মুঠেও সন্তোষজনক নহয়। ৰঞ্জিত ব্যৰ্থ হোৱাৰ পাছত কৰ্নাটকৰ বিৰুদ্ধে খেলা টি-২০ মেচখনতো শূন্যতে পেভেলিয়নলৈ উভতে ৰিয়ান।