NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত পুনৰ দুজনৰ মৃত্যু; এইবাৰ চুলাই নহয় ‘বক্সাৰে’ প্ৰাণ লোৱাৰ অভিযোগ

Posted by: ঋতুপল্লৱ শইকীয়া February 27, 2019 7:44 am
Spurious Liquor Accident

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই সেৱন কৰি বৰ্তমানলৈকে ডেৰ শতাধিকৰো অধিক লোকে প্ৰাণ হেৰুৱাৰ পিছত জিলা দুখনত সোমবাৰৰ পৰা পৰিস্থিতি কিছু পৰিমানে স্বাভাৱিক হৈছে যদিও মঙলবাৰে পুনৰ দুজন ব্যক্তিৰ মৃত্যু হয়।

প্রাপ্ত তথ্য অনুসৰি নিজ বাসগৃহত মৃত্যু হোৱা উক্ত ব্যক্তি দুজন হ’ল গোলাঘাট জিলাৰ মক্ৰং বাগিচাৰ সুৰত তাঁতী (৩৮) আৰু থুৰামুখ অঞ্চলৰ কাঠকতিয়াৰ দীপালী হাজৰিকা।

তাৎপৰ্যপূৰ্ণভাবে ইয়াৰে মক্ৰং বাগিচাৰ পকা লাইনৰ সুৰত নামৰ অস্থায়ী শ্রমিকজন বিষাক্ত চুলাইৰ পৰিৱৰ্তে মহলত উপলব্ধ ‘বক্সাৰ’ নামৰ দেশীয় সুৰা সেৱন কৰি মৃত্যু হোৱাৰ অভিযোগ উঠিছে। দেশীয় সুৰা সেৱনৰ ফলত শ্ৰমিকজনে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হোৱা ঘটনাই এতিয়া সকলোৰে মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে মঙলবাৰে পুৱা উক্ত ব্যক্তিজনৰ মৃত্যু হয় আৰু ইয়াৰ পিছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি শেষকৃত্য সম্পন্ন কৰা হয়। কিন্তু দেশীয় সুৰাই প্ৰাণ লোৱা ব্যক্তিজনৰ মৃত্যুত গোলাঘাট জিলা চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ এক উচিত তদন্তৰো দাবী জনায়।

আনহাতে দীপালী হাজৰিকা নামৰ বিবাহিতা মহিলাগৰাকী মঙলবাৰে নিজা বাসগৃহতে মৃত্যু হয় বুলি জানিব পৰা গৈছে।

ইফালে গোলাঘাট চিকিৎসালয়ত মঙলবাৰৰ দিনটোত সুৰা বিষক্ৰিয়াত আক্ৰান্ত কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই বুলি জানিবলৈ দিয়ে।