NORTHEAST NOW (Assamese)
অসম

হাজো আৰক্ষীৰ অভিযানত ২ লাখ টকাৰ বিলাতী সুৰা জব্দ

Posted by: এন ই নাও নিউজ February 27, 2019 12:37 pm

কামৰূপ  জিলাৰ হাজো আৰক্ষীয়ে আজি অভিযান চলাই এখন টাটা এচি গাড়ীৰ পৰা ৪৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি গাড়ীখনত বৃহ্যৎ পৰিমানৰ বিলাতী সুৰা গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে লৈ  গৈ থকাৰ সম্ভেদ পোৱা হয়। এই খবৰৰ ভিত্তিতে হাজো আৰক্ষীৰ এটা দলে দমদমাত গাড়ীখন আগচি ধৰি সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে, ঘটনা সন্দৰ্ভত গাড়ীখনৰ চালক সুভাষ ঠাকুৰীয়াক আৰক্ষীয়ে  আটক কৰিছে। আৰক্ষীৰ জেৰাত গাড়ী চালকজনৰ পৰা  সুৰাৰ অবৈধ বেহাৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। জব্দ কৰা সুৰাখিনিৰ আনুমানিক মূল্য ২ লক্ষাধিক টকা হ’ব বুলি হাজো আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰাপান কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছত ৰাজ্যৰ আৰক্ষী প্ৰশাসন অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। বিগত দুটা দিনত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহ্যৎ পৰিমানৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।