NORTHEAST NOW (Assamese)
অসম

বেংকৰ পৰা লুটিছিল লাখে লাখে টকা; হাজো আৰক্ষীৰ জালত চাইবাৰ হেকাৰ মীৰ আলম

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা July 24, 2021 2:05 pm
Cyber criminal

এইবাৰ বেংকৰ পৰা লাখ লাখ টকা হৰলুকি কৰি হাজো আৰক্ষীৰ জালত পৰিছে ম’ষ্ট ৱানটেড ছাইবাৰ হেকাৰ মীৰ আলম চাহিদ।

হাজোৰ দামপুৰৰ নিজ গৃহৰ পৰাই হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এইজন কুখ্যাত মীৰ আলম চাহিদক।

২০২০ চনৰ জুলাই মাহত কামৰূপ জিলাৰ দদৰা SBI শাখাৰ বলেন ৰাজবংশী নামৰ এগৰাকী গ্ৰাহকৰ বেংক একাউন্টৰ পৰা ১১ লাখকৈ টকা অনলাইনযোগে বিভিন্ন শ্বপিং ৱেবচাইটৰ মাধ্যমেৰে হৰলুকি কৰিছিল এইজন মীৰ আলম চাহিদে।

আনকি ছমাহ পূৰ্বেও মীৰ আলমক মধ্য প্ৰদেশ আৰক্ষীয়ে আন এটা ছাইবাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

তাৰ পাছতে আজি পুনৰ হাজো আৰক্ষীয়ে বলেন ৰাজবংশী নামৰ লোকজনৰ এজাহাৰৰ ভিত্তিত মীৰ আলম চাহিদক আটক কৰি আৰু অধিক তথ্য সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।