NORTHEAST NOW (Assamese)
অসম

অজ্ঞাত বাহনৰ খুন্দাত নিহত কাজিৰঙাৰ পৰা ওলাই অহা এটা পহু

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা July 24, 2021 1:14 pm
Dear killed

কলিয়াবৰত পুৱাতেই অজ্ঞাত বাহনৰ খুন্দাত এটা পহু নিহত হয়।

কলিয়াবৰৰ বৰুৱাচুকত ৩৭ নং ৰাষ্ট্ৰীয় পথ পাৰ হোৱা সময়তে যোৰহাটমুখী এখন বাহনে খন্দিওৱাৰ ফলত মতা পহুটো নিহত হয়।

উল্লেখযোগ‍্য যে, যোৱা ২০১৬ চনৰ বানৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা পহুৰ জাকে কলঙৰ পাৰৰ হাবিত আশ্ৰয় লৈ আছে।

কাষৰীয়া বাসিন্দাৰ চোতাল-বাৰীত চৰি ফুৰা এই পহুটোৰ মৃত‍্যুত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

স্থানীয় বাসিন্দাই জনোৱা মতে, সেই জাকটোৰ পৰা ওলাই অহা মতা পহুতো শোকাবহ দুৰ্ঘটনাত নিহত হয়।

এইটোকে ধৰি যোৱা সময়ছোৱাত বৰুৱাচুক অঞ্চলত তিনিটা পহু গাড়ীৰ খুন্দাত নিহত হৈছে।

ইতিমধ‍্যে, বন বিভাগৰ লোক আহি পহুটোৰ মৃতদেহ উদ্ধাৰ কৰে।