NORTHEAST NOW (Assamese)
অসম

পাকিস্তানে বন্দী কৰা উয়িং কমাণ্ডাৰ অভিনন্দনৰ দেউতাক আছিল শ্বিলংস্থিত ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুৰব্বী

Posted by: এন ই নাও নিউজ February 27, 2019 7:43 pm

পুলৱামা বিস্ফোৰণে ভাৰত-পাকিস্তানৰ মাজত আনি দিয়া যুদ্ধ-সদৃশ পৰিস্থিতিৰ মাজতে আজি পুৱাই পাকিস্তানে বন্দী কৰা বুলি দাবী কৰা দুজন পাইলটৰ এজন উয়িং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ সম্পৰ্ক আছে উত্তৰ-পূবৰ সৈতে। অভিনন্দনৰ দেউতাক সীমাকুট্টী বৰ্ধমান এজন অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ বিষয়া আৰু তেওঁ শ্বিলংস্থিত ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ মুৰব্বী বিষয়া হিচাপে থাকোতে প্ৰায়ে শ্বিলঙলৈ আহিছিল অভিনন্দন বৰ্ধমান।

ছুখই-৩০-ৰ পাইলট অভিনন্দন বৰ্ধমান ২০০৪ চনত ফ্লায়িং অফিচাৰ হিচাপে নিয়োজিত হৈছিল। যদিও তেওঁ ২০০৪ চনতে বায়ুসেনাত ফ্লায়িং অফিচাৰ হিচাপে নিযুক্ত হৈছিল, ছুটীত শ্বিলংস্থিত মাক-দেউতাকৰ কাষলৈ অহাৰ স্মৃতি এতিয়াও মনত লৈ আছে ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ বহুকেইজন বিষয়াই। দেউতাক সীমাকুট্টী বৰ্ধমান ২০১১ চনৰ ১ আগষ্টৰ পৰা ২০১২ চনৰ ৩০ নৱেম্বৰলৈকে শ্বিলঙত কৰ্মৰত আছিল। তাৰ আগত তেওঁ তেজপুৰতো কৰ্মৰত আছিল।

আজি পাকিস্তানে বন্দী কৰা ভাৰতীয় বায়ুসেনাৰ পাইলটৰ বুলি ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰা ভিডিঅ’টোত অভিনন্দন বৰ্ধমানক দেখা গৈছে চকুত পটি বান্ধি থোৱা আৰু শীৰৰৰ ঊৰ্ধাংশৰ আঘাতৰ সৈতে। আঘাতপ্ৰাপ্ত যদিও যথেষ্ট সাহস আৰু দৃঢ়তাৰে তেওঁক পাকিস্তানী সেনাৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা গৈছে। অৱশ্যে যুঁজাৰু বিমানৰ পাইলটৰ সন্তান আৰু অমৰাৱতীনগৰ সৈনিক স্কুলৰ ছাত্ৰ তথা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমিত প্ৰশিক্ষিত অভিনন্দনৰ এই সাহস একেবাৰে স্বাভাৱিক।

১৯৭৩ চনতে এজন যুঁজাৰু বিমান চালক হিচাপে ভাৰতীয় বায়ুবাহিনীত যোগদান কৰা অভিনন্দনৰ দেউতাক সীমাকুট্টী বৰ্ধমানো মুষ্টিমেয় কেইজনমান পাইলটৰ মাজৰ এজন, যিকেইজনৰ ৪০ প্ৰকাৰৰ বেলেগে বেলেগ এয়াৰক্ৰাফট চলোৱাৰ অভিজ্ঞতা আছে। তেওঁ ২৬ ফেব্ৰুৱাৰিত আক্ৰমণৰ সময়ত ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা মিৰেজ-২০০০ ফাইটাৰ বিমানৰ উন্নীতকৰণতো ভূমিকা লৈছিল।

তেওঁ ৰাছিয়াৰ সৈতে ভাৰতে যুটীয়াভাৱে ৰাডাৰৰ সহায়ত ধৰা নপৰা যুঁজাৰু বিমান নিৰ্মাণৰ পোষকতা কৰিছিল।