NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই মানুহৰ মাজত গঢ়ি উঠক বৈজ্ঞানিক মানসিকতা : ড° দীনেশ চন্দ্ৰ গোস্বামী

Posted by: এন ই নাও নিউজ March 1, 2019 2:07 pm
National Science Day

কটন বিশ্ববিদ্যালয়ে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত ২৮ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ৰ চৌহদত পালন কৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।

কটন বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয়বস্তু আছিল “জনগণৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে জনগণ”। অনুষ্ঠান উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেশ চন্দ্ৰ গোস্বামীয়ে।

আয়োজক সমিতিৰ সভাপতি তথা পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° পৱন কুমাৰ চহৰীয়াই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে বিশিষ্ট বিজ্ঞান লেখক তথা CSIR-NEIST ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞান সম্পৰ্কে এক বক্তৃতা প্ৰদান কৰে। তেওঁ বিজ্ঞান বিষয়ক বহুতো জটিল কথা ধেমেলীয়া আৰু সহজকৈ অনুষ্ঠানত উপস্থিত থকা ছাত্র-ছাত্ৰী সকলৰ আগত দাঙি ধৰে।

ইয়াৰ উপৰি তেওঁ বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান দিৱস উদযাপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে উল্লেখ কৰে। লগতে তেওঁ আশা কৰে যে, ভৱিষ্যতে এনেকুৱা এটা দিন আহক যিদিনা মানুহে বিজ্ঞান দিৱস উদযাপনৰ প্ৰয়োজনীয়তাবোধ নকৰিব। বৈজ্ঞানিক মানসিকতা শীঘ্ৰেই মানুহৰ মাজত গঢ়ি উঠে যেন।

অনুষ্ঠানটিত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড° অৰূপ কুমাৰ মিশ্ৰ উপস্থিত থাকে আৰু তেওঁ মুলতঃ জনসাধাৰণৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ় লোৱা আৰু ইয়াৰ বৃদ্ধি সম্পৰ্কে ভাষণ প্ৰদান কৰে।

ইফালে এই অনুষ্ঠানৰে লগতে সংগতি ৰাখি অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা আৰু বিজ্ঞান সম্পৰ্কীয় পোষ্টাৰ বনোৱা প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

উল্লেখ্য যে, কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত কটন বিশ্ববিদ্যালয়ৰ ছাত্র বিশ্বজিৎ শৰ্মা আৰু ৰক্তিম ৰঞ্জন বৈশ্য‌ই মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত হ’ব লগীয়া সদৌ অসম আন্তঃবিদ্যালয় বিজ্ঞানৰ কুইজ প্ৰতিযোগিতাত কুইজ মাষ্টাৰ হ’বলৈ সুবিধা লাভ কৰে।

ইয়াৰ উপৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে যোগদান কৰিব পৰাকৈ “মানুহৰ বাবে বিজ্ঞান আৰু বিজ্ঞানৰ বাবে মানুহ” বিষয়টি নিৰ্ধাৰণ কৰি প্ৰবন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ আহ্বায়কদ্বয় পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° সুদীপ্ত নন্দী আৰু ড° দেৱজ্যোতি বৰুৱা।