NORTHEAST NOW (Assamese)
অসম

ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত স্থাপন হ’ল অসম সাহিত্য সভাৰ শাখা

Posted by: এন ই নাও নিউজ March 2, 2019 10:50 am

অসম সাহিত্য সভাই অসমীয়া ভাষাৰ প্ৰচাৰ আৰু সংবৰ্ধনৰ বাবে গ্ৰহণ কৰা কাৰ্য্যসূচীৰ অংশ স্বৰূপে শুকুৰবাৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অসম সাহিত্য সভাৰ ৰাঁচী শাখাৰ শুভ উদ্বোধন কৰা হয়। ৰাঁচীত শাখা স্থাপনৰ লগে লগে অসমীয়া ভাষাৰ বিশ্বমুখী যাত্ৰাত আন এক নৱ সংযোজন ঘটিল।

ৰাঁচীত থকা অসমীয়া আৰু অসম সাহিত্য সভাৰ আশাসুধীয়া প্ৰচেষ্টাৰ বলতে ৰাজ্যৰ বাহিৰত অসমীয়া ভাষাৰ বিকাশৰ বাবে লোৱা এনে উদ্যোগে চৰ্চা লাভ কৰিছে।ৰাঁচীৰ নতুন শাখাটোক সক্ৰিয় কৰি তোলাৰ বাবে এখন তদৰ্থ সমিতি গঠন কৰি দিয়া হয়। প্ৰশান্ত বৰাক তদৰ্থ সমিতিৰ সভাপতি আৰু সিদ্ধাৰ্থ গোস্বামীক আহ্বায়ক হিচাপে নৱনিৰ্বাচিত সমিতিখনৰ দায়িত্বভাৰ অৰ্পণ কৰা হয়।

শুকুৰবাৰে উদ্বোধনী অনুষ্ঠানত অংশলৈ অসম সাহিত্য সভাৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই যোৰহাটৰ পৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ বিশ্বমুখী যাত্ৰাৰ ইতিহাস বৰ্ণনা কৰি ২০১৯ চনৰ ১ মাৰ্চ তাৰিখটো অসম সাহিত্য সভাৰ বাবে ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব বুলি অভিহিত কৰে।

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে ৰাঁচী শাখাৰ নৱনিৰ্বাচিত প্ৰতিনিধি সকলক অসমৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰি ঝাৰখণ্ডত অসমীয়া ভাষাৰ প্ৰচাৰৰ বাবে ই এক যুগান্তকাৰী পদক্ষেপ হিচাপে অভিহিত কৰে।

ৰাঁচীত অনুষ্ঠিত হোৱা উদ্বোধনী সভাৰ আঁত ধৰে গুৱাহাটী সাহিত্য সভাৰ প্ৰশাসনিক কাৰ্য্যালয়ৰ সচিব চন্দন শৰ্মাই। সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক মানিক আহমেদ, সাংস্কৃতিক সহযোগী আহ্বায়ক চৈয়দ আবু মতলিব, নীলকান্ত ৰহাং আৰু অসমৰ পৰা যোৱা এটা শিল্পীৰ দলে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।