NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজলিল অসম সন্তান দিগৰ

Posted by: এন ই নাও নিউজ March 3, 2019 10:43 am
Digor

শেহতীয়াভাৱে বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰতিভাৱান প্ৰজন্মই ৰাজ্যখনৰ নাম উজলাই তোলাৰ সময়তে আন এগৰাকী অসমৰ ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য কঢ়িয়াবলৈ সক্ষম হৈছে। অলিম্পিয়াডৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত এইবাৰ এগৰাকী ছাত্ৰই সুনাম কঢ়িয়াই আনিছে।

দিল্লীৰ চালৱান পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা দিগৰ ভৌমিক নামৰ অসমৰ ছাত্ৰ এজনে বিজ্ঞান অলিম্পিয়াড ফাউণ্ডেশ্যনে আয়োজন কৰা চাইবাৰ অলিম্পিয়াডত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিছে।

প্ৰতিবছৰে আয়োজন কৰা এই প্ৰতিযোগিতামূলক পৰীক্ষাত বিজ্ঞান, গণিত আৰু চাইবাৰ বা প্ৰযুক্তি জগতৰ সৈতে জড়িত বিষয় অন্তৰ্ভুক্ত কৰা হয়।

চলিত বৰ্ষৰ এই প্ৰতিযোগিতাত দিগৰে চাইবাৰ সম্পৰ্কীয় বিষয়ত মুঠ ৬০ নম্বৰৰ ভিতৰত ৫৬ নম্বৰ লাভ কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

এই সাফল্যৰ বাবে অলিম্পিয়াড ফাউণ্ডেশ্যনে দিগৰক এটা সোণৰ পদক, এখন মানপত্ৰৰ লগতে নগদ পঞ্চাশ হাজাৰ টকা প্ৰদান কৰিব।

উল্লেখযোগ্য যে দিগৰ ভৌমিক হৈছে নতুন দিল্লীত কৰ্মৰত অসমীয়া সাংবাদিক কল্লোল ভৌমিকৰ একমাত্ৰ পুত্ৰ।