NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত প্ৰধান মন্ত্ৰীৰ শ্ৰম যোগী মান ধন যোজনাৰ শুভাৰম্ভ

Posted by: এন ই নাও নিউজ March 5, 2019 2:22 pm
Shram Yogi Maandhan Yojana

সমগ্র দেশৰ লগতে শিৱসাগৰ জিলাতো আজি প্ৰধান মন্ত্ৰীৰ শ্ৰম যোগী মান ধন যোজনা (PM- SYM)ৰ শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমেদাবাদত দেশৰ অসংগঠিত শ্ৰমিকৰ বৃদ্ধাৱস্থাৰ সুৰক্ষা আৰু সামাজিক সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰা এই আঁচনিখনৰ শুভাৰম্ভণি কৰে।

শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰধান মন্ত্ৰীৰ শ্ৰম যোগী মান ধন যোজনাৰ জিলা পর্যায়ৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে। মুখ্য অতিথিৰূপে প্ৰদান কৰা ভাষণত বিধায়ক দুৱৰীয়ে চৰকাৰে প্ৰৱৰ্তন কৰা এই আঁচনিৰ সুফল গ্ৰহণ কৰাৰ লগতে বিভিন্ন জনহিতকৰ আঁচনিৰ বিষয়ে উল্লেখ কৰি ৰাইজক এই সমূহ আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ কয়।

ইয়াৰ উপৰি বিধায়ক গৰাকীয়ে এই আঁচনি সমূহৰ সফলতাৰ বাবে ৰাইজক সচেতন হ’বলৈ আৰু সমাজত কৰ্ম-সংস্কৃতি গঢ়ি তোলাত অংশীদাৰ হ’বলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে, এই আঁচনিখন স্বেচ্ছামূলক অৰিহণাৰ আধাৰত গঠিত এক পেঞ্চন আঁচনি। আচঁনিখনত নিয়মীয়াকৈ অৰিহণা দি থাকিলে ৬০ বছৰ বয়সৰ পৰা মাহে ৩ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব। ইয়াৰ উপৰি পেঞ্চনাৰৰ মৃত্যুত তেওঁৰ পত্নীয়ে ১,৫০০ টকাকৈ আজীৱন পেঞ্চন লাভ কৰিব।

ইফালে এই আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ ৰাইজে ওচৰৰে শ্ৰমিক কল্যাণ বিভাগৰ কাৰ্য্যালয়, জীৱন বীমা নিগমৰ কাৰ্যালয়, ESIC/ EPFO কাৰ্যালয়ত বা প্ৰতিখন পঞ্চায়তত থকা অৰুণোদয় কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিদিত দাস, EPFO ৰ সহকাৰী আয়ুক্ত এ সুৰেন্দ্র সিং আৰু প্লেণ্টেচনৰ চিকিৎসা পৰিদৰ্শক ডাঃ অপূৰ্ব শৰ্মাকে আদি কৰি ভালেসংখ্যক সাধাৰণ ৰাইজ।