NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰৰ দিনত পাকিস্তানৰ পৰা ভাৰতৰ বেছিকৈ ক্ষতি হৈছে : অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 5, 2019 8:59 pm
24-12-18-Guwahati-Akhil-Gogoi-Press-Meet-3-1-750x375

‘বিজেপি চৰকাৰৰ দিনত পাকিস্তানৰ পৰা ভাৰতৰ বেছিকৈ ক্ষতি হৈছে।‘ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

বিজেপি চৰকাৰৰ দিনতে সন্ত্ৰাসবাদীৰ আক্ৰমণত বহুতো সেনা-জোৱানে মৃত্যুক সাবটি ল’বলগীয়া হৈছে বুলি অভিযোগ কৰি তেওঁ কয়, ‘সংসদ ভৱন আক্ৰমণ অথবা সৈন্য বাহিনীৰ সৰ্বাধিক মৃত্যু ঘটে বিজেপি চৰকাৰৰ দিনত।‘

তদুপৰি পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাছুদ আজাহাৰকো বিজেপি চৰকাৰেই ভাৰতৰ পৰা মুকলি কৰি দিছিল বুলিও তেওঁ উনুকিয়াই দিয়ে।

আনহাতে, ৪ মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই কামপুৰত ‘মোদী চৰকাৰ শাসনলৈ নাহিলে ভাৰতৰ সংসদ অথবা অসমৰ বিধানসভাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলিয়াই থৈ যাব’ বুলি কৰা মন্তব্যৰ ঘোৰ বিৰোধিতা কৰে অখিল গগৈয়ে।

তেওঁ কয় ‘হিমন্ত বিশ্ব শৰ্মাই যিমানবোৰ কথা কয় সেইবোৰ সংবিধান বিৰোধী আৰু আইন বিৰোধী কথা। দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছী কেনেকৈ সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি হৈ গ’ল সেয়া সন্মুখত দেখি আছো।‘

হিমন্ত বিশ্ব শৰ্মাই সংবিধান আৰু নৈতিকতাৰ বিৰুদ্ধে গৈ হিন্দু-মুছলমানৰ নিকৃষ্ট ৰাজনীতি কৰা বুলি মন্তব্য কৰি অখিল গগৈয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ বাবে দাবী জনায়। তেওঁ কয় ‘ইমানদিনে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিল। তেওঁক গ্ৰেপ্তাৰ কৰা দৰকাৰ।‘