NORTHEAST NOW (Assamese)
অসম

এপ্ৰিল মাহৰ ভিতৰত মুকলি হ’ব দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে

Posted by: এন ই নাও নিউজ March 6, 2019 8:43 am
ropeway

মঙলবাৰে প্ৰথমবাৰৰ বাবে বহু প্ৰতিক্ষিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলিল ৰ’পৱে ৰ কেবিন। ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও কিবা আসোঁৱাহ ৰৈ গৈছে নেকি সেয়া চাবলৈহে মঙলবাৰে ৰ’পৱেৰ পৰীক্ষামূলক চলাচল কৰোৱা বুলি ৰ’প ৱেৰ নিৰ্মাণত জড়িত বিষয়া-কৰ্মচাৰীসকলে জানিবলৈ দিয়ে।

পৰীক্ষামূলক চলাচলৰ পাছতে ৰ’পৱেৰ বিষয়া-কৰ্মচাৰীসকলে অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দেশৰ আটাইতকৈ দীঘল ৰ’পৱে মুকলি হ’ব বুলি সংবাদ মাধ্যমক জনায়।

উল্লেখ্য যে যাত্ৰী কঢ়িওৱা এই ৰ’পৱেটোত দুটা কেবিন থকাৰ লগতে প্ৰতিটো কেবিনটে ৩০ জনকৈ যাত্ৰী উঠিব পাৰিব। আনহাতে ৰ’পৱে’টোৰ দক্ষিণ মূৰটো কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত স্থাপন কৰাৰ বিপৰীতে উত্তৰ মূৰটো থাকিব দ’ল গোবিন্দ মন্দিৰৰ পিছফালে থকা এটা সৰু পাহাৰৰ টিলাত।

নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা ৰ’পৱেটো অহা এপ্ৰিল মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি ইতিমধ্যে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা সভাত সদৰী কৰিছে।

এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা এই ৰ’পৱেটো মুকলি কৰাৰ পিছৰে পৰা উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত এক উল্লেখনীয় প্ৰভাৱ পৰিব বুলিও পৰ্যটন বিভাগৰ লগতে স্থানীয় লোকে আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে নিৰ্মাণৰ বাবে ২০০৬ চনত কংগ্ৰেছ চৰকাৰৰ দিনতে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ২০০৯ চনত তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰি ৰ’পৱে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। লগতে ৰাইটছ নামৰ এটা ভাৰত চৰকাৰৰ অধীনৰ সংস্থাক ৰ’পৱে নিৰ্মাণৰ বাবে চৰকাৰে দায়িত্ব অৰ্পণ কৰিছিল।