NORTHEAST NOW (Assamese)
অসম

বিষাক্ত চুলাই খাই ৰাজ্যত পুনৰ দুজন লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ March 9, 2019 12:34 pm

গোলাঘাটত কিছুদিন পূৰ্বে বিষাক্ত চুলাই সেৱন কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ শোকাৱহ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ জিলাখনত বিষাক্ত চুলাই খাই মৃত্যু হয় দুজন লোকৰ।

প্ৰাপ্ত খবৰ অনুসৰি মৃত্যু হোৱা লোকদুজন নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ ৰাতুল দাস আৰু জিতু দাস বুলি চিনাক্ত কৰা হৈছে। দীপক ৰাজবংশী নামৰ আন এজন ব্যক্তিক গুৰুতৰ ভাবে অসুস্থ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

গোলাঘাট আৰু যোৰহাটৰ বিষাক্ত চুলাই কাণ্ডই ৰাজ্য জোকাৰি যোৱা ঘটনাৰ পাছত আজি পুনৰ চুলাই খাই মৃত্যু হোৱা ঘটনাই স্থানীয় জনসাধাৰণক আতংকিত কৰি তুলিছে।

উল্লেখযোগ্য যে, গোলাঘাট চুলাই ট্ৰেজেডিৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা প্ৰসাশন সমূহক চুলাই মদৰ প্ৰচলনৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল। কিন্তু মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পাছতো যে জিলা প্ৰসাশন সমূহে কঠোৰ কাৰ্য্যব্যৱস্থা হাতত লোৱা নাই সেই কথা আজিৰ ঘটনাই পুনৰবাৰ পোহৰলৈ আনিলে।