NORTHEAST NOW (Assamese)
অসম

চীনৰ কিণ্ডাৰগাৰ্টেনত ছুৰীৰে আক্ৰমণ যুৱকৰ; তিনি শিশুসহ নিহত ৬ জন লোক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 10, 2023 1:25 pm

চীনৰ এখন কিণ্ডাৰগাৰ্টেনত ছুৰীৰে আক্ৰমণ কৰাৰ ভয়াবহ ঘটনা সংঘটিত হৈছে। এই ঘটনাত কমেও ৬ জন লোক নিহত হৈছে। নিৰ্বিচাৰ আক্ৰমণৰ ঘটনাটোত আন এজন ব্যক্তি আহত হয়।

সোমবাৰে দেশৰ দক্ষিণ-পূব গুৱাংডং প্ৰদেশৰ এখন কিণ্ডাৰগাৰ্টেনত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি নিহতসকলৰ ভিতৰত এজন শিক্ষক, দুগৰাকী অভিভাৱক আৰু তিনিগৰাকী শিশু শিক্ষাৰ্থী আছে।

লগতে পঢ়ক: আপত্তি নৰজিল, অপৰিৱৰ্তিত ৰূপত সদনত দাখিল কৰা হ’ব বন সংশোধনী বিধেয়ক

বাতৰি অনুসৰি, আৰক্ষীয়ে এই ঘটনাত ২৫ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰি আক্ৰমণৰ আঁৰৰ উদ্দেশ্যৰ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।

অৱশ্যে আৰক্ষীয়ে এই আক্ৰমণত হতাহতিৰ কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই। কিন্তু ইয়াক ‘ইচ্ছাকৃতভাৱে আক্ৰমণ’ বুলি অভিহিত কৰা হৈছে।

লগতে পঢ়ক: ড্ৰাইভাৰৰ চাকৰি খাব AI য়ে! এইবাৰ ভাৰতৰ পথতো চলিব চালকবিহীন গাড়ী

আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭:৪০ বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। আততায়ী যুৱকজনক পুৱা ৮ বজাত গ্ৰেপ্তাৰ কৰা হয়। আটকাধীন যুৱকজনৰ নাম শেষাংশ Wu বুলি জানিব পৰা গৈছে।