NORTHEAST NOW (Assamese)
অসম

বৰ্ষাপাৰাত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পৰাজয়

Posted by: এন ই নাও নিউজ March 9, 2019 6:28 pm

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আজি শৃংখলাৰ অন্তিমখন খেলত সন্মান ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হোৱা ভাৰতীয় মহিলা ক্ৰিকেট দলে পৰাজয় স্বীকাৰ কৰিব লগীয়া হয়।

ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ  প্ৰথম দুখত খেলত প্ৰতিদ্বন্দ্বিতা অবিহনে পৰাজয় স্বীকাৰ কৰা ভাৰতীয় দলৰ তাৰকা বেটছমেন স্মৃতি মান্ধানা নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজি ঘৰুৱা দৰ্শকক সন্তুষ্ট কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিছিল যদিও সফল নহ’ল।

টছত জয়ী হৈ ইংলেণ্ডে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ১১৯ ৰান সংগ্ৰহ কৰে। বিপৰীতে ভাৰতীয় মহিলা ক্ৰিকেট দলে মাত্ৰ এক ৰানৰ ব্যৱধানত ইংলেণ্ডৰ হাতত পৰাজয় স্বীকাৰ কৰিব লগীয়া হয়।